অসম চৰকৰে বিদ্যালয়সমূহত বিজ্ঞান আৰু গণিতৰ শিক্ষা ইংৰাজী ভাষাত প্রদান কথা ঘোষণা কৰাৰ সময়তে কিন্তু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শ্ৰেণীৰ পাঠ্যপুথি অসমীয়াত প্ৰকাশ কৰাৰ কাম সমাপ্ত কৰাৰ দিশত অগ্ৰসৰ হৈছে। অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহ এই বিশ্ববিদ্যালয়খনেই পৰিচালনা কৰে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ ইংৰাজী-অসমীয়া ভাষাৰ এখন অভিধানো প্রস্তুত কৰি উলিয়াইছে বিশ্ববিদ্যালয়খনে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা মাতৃভাষাত প্রদানৰ সপোন সাৰোগত কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডাঃ ধ্ৰুব জ্যোতি বৰাই গুৱাহাটীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকৰ আজিৰ সংস্কৰণত জনোৱা মতে, দেশত এতিয়াও চিকিৎসা বিজ্ঞানৰ শিক্ষা ইংৰাজী মাধ্যমত প্ৰদান কৰা হয়। ভাৰতীয় ভাষাত এই কাম কৰিবলৈ প্রথমে কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্তত উপানীত হ’ব লাগিব। তাৰ পিছত ৰাজ্য চৰকাৰে ইয়াত অনুমোদন জনাব লাগিব। অৱশ্যে ডাঃ বৰাই কয় – “আমি আমাৰ ফালৰ পৰা আগবাঢ়ি আছোঁ। ইতিমধ্যে অভিধানৰ কাম শেষ হৈছে। পাঠ্যপুথিৰ কামো আগন্তুক ৯ মাহত আমি শেষ কৰিম।’’