অমিতাৰ খেতি কৰি আপুনিও হব পাৰে মিলিয়নাৰ! যোৰহাটৰ যুৱকে দেখুৱাইছে নিদৰ্শন

News18 Assam | News18-Assam
Updated:March 1, 2020, 5:12 PM IST
অমিতাৰ খেতি কৰি আপুনিও হব পাৰে মিলিয়নাৰ! যোৰহাটৰ যুৱকে দেখুৱাইছে নিদৰ্শন
মাত্ৰ কেইফুটমান ওখ এজোপা অমিতা গছত বছৰি উৎপাদন হয় এক কুইন্টল পৰ্যন্ত অমিতা । একোটা অমিতাৰ ওজন আধা কেজিৰ পৰা পাচ কেজি পৰ্যন্ত

মাত্ৰ কেইফুটমান ওখ এজোপা অমিতা গছত বছৰি উৎপাদন হয় এক কুইন্টল পৰ্যন্ত অমিতা । একোটা অমিতাৰ ওজন আধা কেজিৰ পৰা পাচ কেজি পৰ্যন্ত

  • Share this:
অমিতাৰ খেতি কৰি এবছৰতে আপুনিও হ’ব পাৰে মিলিয়নাৰ। হালধীয়া বৰণৰ অমিতাৰ বজাৰত চাহিদা বহুত। পকা অমিতাৰ আছে কেঞ্চাৰ ৰোগ প্ৰতিৰোধী গুণ । গুৱাহাটীৰ বজাৰত এক কেজি পকা অমিতাৰ মূল্য ৭০ৰ পৰা ৮০ টকা পৰ্যন্ত । যোৰহাটৰ বৰহোলা পানজানৰ ৰমেন শইকীয়া নামৰ লোকজনে নিজৰ মাটিত কৰি অহা অমিতাৰ খেতিয়ে বৰ্তমান গুৱাহাটীৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে । আঠ বিঘা মাটিত ১৬শ জোপা অমিতা গছ থকা ৰমেন শইকীয়াৰ বাৰীখনত এজোপা গছতে 1 কুইন্টল পৰ্যন্ত অমিতা উৎপাদন হয় ।

প্ৰতি কেজি পকা অমিতা ২২ টকাৰ পৰা ৩৫ টকা দৰত বিক্ৰী কৰি অহা শইকীয়াই কেইবা শ কুইন্টল অমিতা গুৱাহাটীৰ বজাৰলৈ প্ৰেৰণ কৰি আহিছে । তদুপৰি স্থানীয় বজাৰসমূহতো পাইকাৰী দৰত যোগান ধৰে পকা অমিতা । বতৰ অনুকুল হলে এনে এখন বাৰীৰ পৰা বছৰি ১০ লাখ টকাতকৈয়ো অধিক ধন উপাৰ্জন কৰিব পাৰি বুলি জানিবলৈ দিছে ৰমেন শইকীয়াই। পুলি ৰোৱাৰ পৰা ছমাহৰ পিছতে এই অমিতা চিঙিব পৰা হয় ।

ৰমেন শইকীয়াৰ দৰে লোকসকলে এই সকলো সম্ভৱ কৰি তুলিছে নিজা প্ৰচেষ্টাৰে য’ত কৃষি বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰা নাই । খেতিৰ লগতে উৎপাদিত সামগ্ৰীৰ বজাৰখনৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ ফলত তেওঁলোকে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে , যি আনৰ বাবেও এক আদৰ্শ হব পাৰে ।
Published by: Himangshu Bhuyan
First published: March 1, 2020, 4:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি