• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমসন্তান কুনাল দেশমুখ্যই আফগানিস্তানত কিদৰে বাচিছিল তালিবানীৰ হাতৰ পৰা

অসমসন্তান কুনাল দেশমুখ্যই আফগানিস্তানত কিদৰে বাচিছিল তালিবানীৰ হাতৰ পৰা

তালিবানীৰ ৰোষত পৰিছিল অসমসন্তান কুনাল, হাতত  AK56টো তুলি cocked কৰি সাজু হৈছিল তেওঁ আফগানিস্তান।

তালিবানীৰ ৰোষত পৰিছিল অসমসন্তান কুনাল, হাতত AK56টো তুলি cocked কৰি সাজু হৈছিল তেওঁ আফগানিস্তান।

তালিবানীৰ ৰোষত পৰিছিল অসমসন্তান কুনাল, হাতত AK56টো তুলি cocked কৰি সাজু হৈছিল তেওঁ আফগানিস্তান।

  • Share this:

অসম সন্তান কুনাল দেশমুখ্য (Kunal Deshmukhya) বৰ্তমান বাংলাদেশৰ ঢাকাত কৰ্মৰত। বাংলাদেশৰ  এক মিডিয়া কোম্পানীৰ CEO কুনাল। সাধাৰণ Charminar চিগাৰেট কোম্পানীৰ পৰা চাকৰিৰ যাত্ৰা আৰম্ভ কৰি Eureka forbes, Mother Diary, Biskfarm, Star Network, BBC আদি বিভিন্ন নামী দামী কোম্পানীত চাকৰি কৰি কৰি বৰ্তমান একেবাৰে শিখৰ পাইছে অসম সন্তান কুনাল ৷


আজিৰ পৰা প্ৰায় পোন্ধৰ বছৰ আগত তিনি বছৰৰ বাবে আফগানিস্তানত আছিল। Star Networkৰ মাৰ্কেটিঙত কুনালৰ সফলতা দেখি কাবুলৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ পৰা প্ৰস্তাৱ আহিল কুনাললৈ৷ তালিবানৰ লগত সংঘৰ্ষ তুমুল চলি আছে তেতিয়া আফগানিস্তানত।


এই পৰিস্থিতিতে কাবুললৈ যোৱাৰ সিদ্ধান্ত ল'লে কুনালে ৷ ২০০৬ চনৰ পহিলা ছেপ্টেম্বৰত কলকাতাৰ পৰা ডুবাইলৈ উৰা মাৰিলে। আফগানিস্তানৰ ভিছা ডুবাইৰ পৰা হ'ব। দুসপ্তাহ ডুবাইত থকাৰ পিছত ১৪ তাৰিখে কাবুলীৱালাৰ দেশলৈ উৰা মাৰিলে এবুকু কৌতূহল আৰু আশংকা লৈ কুনাল। সেইখিনি সময়ত কাবুলৰ পৰিস্থিতি খুবেই বেয়া। বেয়া মানে অতি ভয়াৱহ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা আৰু তালিবান (Taliban)ৰ যুদ্ধ তুংগত। নিৰ্দিষ্ট সময়ত গন্তব্যস্থল কাবুল পালেগৈ অসম সন্তান কুনাল।


আকাশমাৰ্গৰ পৰা কৌতূহলবশতঃ বিমানৰ খিড়িকীৰে তললৈ চাই আচৰিত, চাৰিওফালে পাহাৰে আগুৰি আছে কাবুলক, কিন্তু ক'তো বিন্দুমাত্ৰ সেউজীয়া নাই ৷ যেন প্ৰকাণ্ড প্ৰকাণ্ড মাটি-বালিৰ স্তূপ ৷ কুনাল দেশমুখ্য আটাইতকৈ বেছি আচৰিত হ'ল কাবুল আন্তৰ্জাতিক বিমানবন্দৰৰ শোচনীয়তা দেখি ৷ বিমানৰ পৰা নামি খোজ কাঢ়ি আহিব লাগে লাউঞ্জলৈ। তাত নাই কোনো বাছ ছাৰ্ভিচ ৷


এতিয়া কিন্তু জাপানে কাবুল বিমানবন্দৰ বৰ ধুনীয়াকৈ বনাই দিছে। ভিতৰলৈ সোমাই কুনালৰ চকু কপালত উঠিল! এয়া কি?  সম্পূৰ্ণ ভিতৰৰ দেৱালবোৰ গুলীৰে থকাসৰকা। কাউন্টাৰত বহাজনে আকৌ নিজৰ "দাৰি" ভাষাৰ বাহিৰে একো নুবুজে। "দাৰি" কাবুলৰ প্ৰচলিত ভাষা। পাৰ্চি ভাষাটোকেই তেওঁলোকে দাৰি বুলি কয়। "পাস্তো" আন এটা ভাষা তাত প্ৰচলিত। কিবাকৈ নিজৰ বেগেজখিনি লৈ তিনিবাৰ সম্পূৰ্ণৰূপে ছিকিউৰিটীয়ে চেক কৰাৰ পিছত বাহিৰলৈ ওলাই গৈছিল কুনাল।


বাহিৰত কোম্পানীৰ পৰা দিয়া দামী গাড়ীত উঠি অফিচলৈ আহিল। বাটত দেখিলে প্ৰতিটো ঘৰ ভঙা। বোমা, ৰকেট লঞ্চাৰ আদিৰ আক্ৰমণত ক্ষতিগ্ৰস্ত গোটেই চহৰ। কোনো এটা ঘৰৰ বাহিৰত ৰং কৰা নাই। মাটিৰ লগত মিলি আছে বৰণত। মাজে মাজে US আৰ্মীৰ কনভয় পাৰ হৈ যায় বাটেৰে। কনভয় অহাৰ লগে লগে ৰাস্তাৰ দাঁতিত সকলো গাড়ী ৰখাই দিয়ে। কনভয় পাৰ হৈ যোৱাৰ পিছত আকৌ চলাচল কৰে। তেনেকৈ আহি অফিচ পাইছিলগৈ কুনাল।


কি আচৰিত! এয়া দেখোন  দুটা ডাঙৰ ডাঙৰ shipping containerহে এটাৰ ওপৰত আনটো জাপি থৈছে। তাতে দৰজা, খিড়িকী কাটি থোৱা আছে। যেন দুমহলা অফিচ ঘৰ। ভিতৰলৈ সোমাই চীফ এডিটৰক লগ কৰিলে কুনালে। টেলিভিছন চেনেলৰ মালিক আফগানিস্তানৰ যদিও তেতিয়া আমেৰিকাৰ বাসিন্দা। নিজৰ অফিচ ৰুমৰ খিড়িকীৰে বগাই অহা গছ দেখি সোধাত গম পালে সেয়া আঙুৰৰ গছ। প্ৰতিটো নতুন অভিজ্ঞতাই শিহৰিত কৰি তুলিলে কুনালক।


চাৰি কিলোমিটাৰ দূৰত এটা গেষ্টহাউছত থকাৰ বন্দৱস্ত কৰা হৈছিল কুনালৰ বাবে, য'ত আছিল ষোল্লজন ভাৰতীয়। বাহিৰত সুৰক্ষা কৰ্মী আছে। ৰান্ধনীজন বাংলাদেশৰ। পুৱা ৮ বজাৰ পৰা  আবেলি ৪ বজালৈ অফিচৰ সময়। সকলো চাকৰিয়াল সেই সময়ত অহা–যোৱা কৰে। কুনালে পিছদিনা পুৱা ৭ বজাত গা ধুই উঠি ব্ৰেকফাষ্ট কৰি থাকোঁতে ভয়ংকৰ বিস্ফোৰণ এটাই  কঁপাই তুলিছিল চৌপাশ।


নিজৰ ৰূমৰ পৰা দৌৰি ওলাই আহি ৰান্ধনীজনক দেখা পাই কুনালে সুধিলে, 'কিহৰ শব্দ?' 'এইটো বোমা ফুটিছে ক'ৰবাত। অফিচ টাইম এতিয়া, ফুটিব‌ই।' একদম সহজভাৱে কৈ গুচি গ'ল। এয়া আছিল তালিবানীৰ 'মানৱ বোমা', এখন বাছত আক্ৰমণ কৰিছে। বহু লোকৰ মৃত্যু হৈছে।


কুনালে যেতিয়া গম পালে যে আক্ৰমণ বেছিভাগ পুৱা ৮ বজাৰ আগে আগে হয়, তেতিয়াৰ পৰা ৮-৪৫ বজাত গেষ্টহাউছৰ পৰা অফিচলৈ ওলায়। এবাৰ অফিচৰ ওচৰতে বিস্ফোৰণ হোৱাত এজন পথচাৰীৰ দেহৰ তলৰ অংশ ছিটিকি আহি অফিচ ঘৰৰ বেৰত লাগি ছটফটাই থকা দেখিছিল। ৰাতি ভাত খাব পৰা নাছিল কুনালে৷ ইমান বোমাবৰ্ষণ, গুলীয়াগুলীৰ মাজতো পাঁচ মাহৰ ভিতৰত কোম্পানীৰ ৰাজহ ৪ গুণ বঢ়াবলৈ সক্ষম হ'ল অসম সন্তান কুনাল ৷


আনন্দত উৎফুল্লিত হৈ মালিকে দৰমহাও দুগুণ কৰি দিলে। তাকো যিদিনাৰ পৰা চাকৰিত যোগদান কৰিছিল সেইদিনাৰ পৰা৷ আফগানিস্তানত থকা US সেনাসকল কুনালহঁতৰ চেনেলৰ  প্ৰধান গ্ৰাহক। সৰহসংখ্যক ৰাজহ তাৰ পৰা লাভ কৰে। NATO সেনাই তেওঁলোকক বিজ্ঞাপন দিবলৈ আৰম্ভ কৰিলে সেই চেনেলত। বিভিন্ন কোম্পানীৰ sponsorship আহিল। NATO ৰ বিজ্ঞাপন এনেধৰণৰ আছিল— 'যদি ৰাস্তাৰে আমাৰ কনভয় গৈ থাকে,  তেন্তে আপোনালোকে  দূৰত্ব বজাই ৰাখিব। নিয়ম ভংগকাৰীক প্ৰথমে আমি পানীৰ বটল দলিয়াই সকীয়নি দিম। তাৰ পিছত যদি নুশুনে তেন্তে আমি গুলীয়াবলৈ বাধ্য হ'ম ৷'


NATO ৰ সেনাই আফগান সেনাক প্ৰশিক্ষণ দিয়া  আৰু সন্ত্ৰাসবাদ দমনৰ বাবে  তাতে বাহৰ পাতিছিল। সেই সুযোগতে NATO ৰ চীফগৰাকীৰ লগত এদিন ৰাতিৰ নৈশভোজৰ আমন্ত্ৰণ পালে কুনালে৷ কুনালক ভাৰতীয় বুলি জানিবলৈ পাই ভাৰতৰ উচ্চ প্ৰশংসা কৰিলে আমেৰিকান চীফ মেক নীলে । সেই সময়ত ভাৰতত "কুমকুম ভাগ্য" নামৰ ধাৰাবাহিকখনে খুব জনপ্ৰিয়তা লাভ কৰিছিল। কুনালে দাৰি ভাষাত অনুবাদ কৰাই আফগানিস্তানৰ চেনেলত সম্প্ৰচাৰ কৰা আৰম্ভ কৰিলে। লাহে লাহে জনপ্ৰিয়তা বাঢ়ি গ'ল।


ৰাতি ৯ বজাৰ লগে লগে ঘৰে ঘৰে কুমকুমৰ "অপনে ৰুঠে, পৰায়ে ৰুঠে, য়্যাৰ ৰুঠে না....." বাজিবলৈ লয়। ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ বিজ্ঞাপনৰ হোৰ্ডিং লগাই দিলে। বজাৰত মঙ্গলসূত্ৰ বিক্ৰী হ'বলৈ ধৰিলে। আফগানী মহিলাই বোৰ্খাৰ ওপৰত মঙ্গলসূত্ৰ পিন্ধা দেখা গ'ল। ভাষান্তৰ কৰোঁতে কিছুমান বাক্য দাৰি ভাষাত বিচাৰি নাপাই তেনেকৈ থৈ দিলে। তাতেই লাগিল লেঠা! মৃতকৰ চাৰিওফালে "ৰাম নাম সত্য হেয়" বাজিলে।


কান্দাহাৰত থকা তালিবান শাসকৰ মাজত আলোচনা হ'ল। এয়া ধৰ্ম প্ৰচাৰৰ অভিসন্ধি। এইবাৰ আৰু সমস্যা আহিল। বিধৱা বৌৱেকক দেওৰেকে বিয়া কৰালে চৰিত্ৰত। এয়া সম্পূৰ্ণভাৱে নিষিদ্ধ তেওঁলোকৰ সমাজত। এইবাৰ তালিবানীসকল ক্ষুব্ধ হৈ তেওঁলোকৰ সদন "জিৰগাহ" ত উত্থাপন কৰিলে বিষয়টো। সিদ্ধান্ত গ্ৰহণ কৰিলে কুনালক উঠাই আনিব লাগে যিকোনো প্ৰকাৰে। খবৰটো কুনাললৈ কিবাকৈ আহিল। পিছদিনা প্ৰায় দুশ সশস্ত্ৰ তালিবানী গাড়ী লৈ দুপৰীয়া ২ বজাত  অফিচ ঘেৰাও কৰিলে।


শূন্যলৈ কেইবাজাঁই গুলী ফুটাই চিঞৰি চিঞৰি পাস্তো ভাষাত কবলৈ ধৰিলে, "ভিতৰত থকা ভাৰতীয়জনক উলিয়াই দিয়া। আমি কাকো নামাৰোঁ।" কুনালে ব্যুৰো চীফগৰাকীক বাহিৰলৈ গৈ কথা পাতিবলৈ অনুৰোধ কৰিলে। তেখেতে লগে লগে তেওঁৰ ৰিভলভাৰটো কঁকালত গুঁজি লৈ বাহিৰলৈ ওলাই গ'ল। কিছু সময় পিছত কুনালে দেখিলে বাহিৰত থকা চেনেলৰ মালিকৰ বুলেটপ্ৰুফ গাড়ীখন দাউ দাউকৈ জ্বলি উঠিছে। লগে লগে কুনালৰ ব্যক্তিগত দেহৰক্ষীজনে তেওঁৰ AK 56টো কুনালৰ টেবুলত থৈ ক্ষমা খুজি সাধাৰণ পোছাক পিন্ধি ওলাই গ'ল। যাওঁতে হাতযোৰ কৰি কৈ গ'ল, "মোক বেয়া নাপাব ছাৰ। মোৰ পৰিয়াল আছে।"


৭ মিনিট সময় পাৰ হৈছিল ইতিমধ্যে।মৃত্যু দুৱাৰডলিত। অসহায় অৱস্থা! হঠাতে কুনালৰ NATO চীফজনৰ কথা মনলৈ আহিল। জীয়াই থকাৰ যেন শেষ আশা ! মোবাইল লৈ NATO ৰ চীফ জনৰ ফোন নম্বৰ বিচাৰিলে কুনালে । মেক নীললৈ ফোন কৰাৰ লগে লগে ফোনটো উঠালে। কুনালৰ মুখৰ পৰা বিৱৰণ শুনি সিফালৰ পৰা চীফ মেক নীলে উত্তৰ দিলে, just 3 minute.. ফোনটো কাটি দি এইবাৰ কুনালে টেবুলত থকা  AK56টো হাতত তুলি cocked কৰি সাজু হ'ল ।


পিতৃ অসম আৰক্ষীত থকা হেতু কুনালেও অলপ–অচৰপ জানিছিল বন্দুকৰ ব্যৱহাৰ ৷ মৰিম যেতিয়া দুই এটাক মাৰিহে মৰিম এক দৃঢ় মনোভাৱেৰে সময়লৈ অপেক্ষা কৰি গৈছিল কুনালে ৷ ঠিক তিনি মিনিট হোৱাৰ লগে লগে প্ৰচণ্ড শব্দ কৰি Apache হেলিকপ্টাৰ এখন একেবাৰে তললৈ নামি আহিল। NATO সেনাৰে ভৰা হেলিকপ্টাৰ। মুহুৰ্ততে সকলো তালিবানী গাড়ী উধাও। পলাই গ'ল দুশ তালিবানী। 


কাবুলীৱালাৰ দেশত অসম সন্তান কুনালৰ প্ৰাণৰক্ষা পৰিল। দুদিন পিছত Ministry of Religious Affairsৰ পৰা ফোন কৰি অনুৰোধ কৰাত "কুমকুম ভাগ্য"খনৰ সম্প্ৰচাৰ স্থগিত কৰিলে।কুনাল দেশমুখ্যই এতিয়াও কথা পাতে আফগান বন্ধুৰে ৷ বহুতে ফোনতে কান্দি উঠে আফগানিস্তানত তালিবানীয়ে চলোৱা অমানৱীয় অত্যাচাৰৰ কথা কৈ।(কুনাল দেশমুখ্যই কোৱা আৰু বহু কথা ৰৈ গ'ল) 

Published by:Gautam Barman
First published: