உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যত বাঢ়িছে অপৰাধী, কিন্তু কমিছে কাৰাগাৰৰ কৰ্মচাৰী, কিমান খালী আছে কাৰাগাৰ কৰ্মচাৰীৰ পদ?

    ৰাজ্যত বাঢ়িছে অপৰাধী, কিন্তু কমিছে কাৰাগাৰৰ কৰ্মচাৰী, কিমান খালী আছে কাৰাগাৰ কৰ্মচাৰীৰ পদ?

    গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ পঞ্জীয়নভুক্ত সামৰ্থ্য ১০০০ গৰাকী বন্দীৰ। তাৰ বিপৰীতে আছে ১৬১০ গৰাকী কাৰাবন্দী

    গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ পঞ্জীয়নভুক্ত সামৰ্থ্য ১০০০ গৰাকী বন্দীৰ। তাৰ বিপৰীতে আছে ১৬১০ গৰাকী কাৰাবন্দী

    গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ পঞ্জীয়নভুক্ত সামৰ্থ্য ১০০০ গৰাকী বন্দীৰ। তাৰ বিপৰীতে আছে ১৬১০ গৰাকী কাৰাবন্দী

    • Share this:

    গৃহ বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে অপৰাধৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Chief minister Dr Himanta Biswa Sarma)। অপৰাধ নিৰ্মূল কৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী নামি পৰিছিল চোৰ, ডকাইত, হত্যাকাণ্ড, দুৰ্নীতি-কেলেংকাৰি বিৰুদ্ধে। বিভিন্ন অপৰাধ (crime)ৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ।


     কিন্তু লক্ষণীয়ভাৱে  ৰাজ্যৰ কাৰাগাৰত বন্দীৰ হিচাপত নাই পৰ্যাপ্ত কৰ্মচাৰী (not enough staff in the state jails)। গৃহ বিভাগৰ তথ্য অনুসৰি, সহকাৰী মহাপৰিদৰ্শকৰ ২টা পদৰ বিপৰীতে খালী আছে ১টা, অধীক্ষকৰ ৩০টা পদৰ খালী ৪ টা. কাৰাধ্যক্ষৰ  ৩০টা পদৰ বিপৰীতে খালি আছে ৫টা পদ।সহযোগী কাৰাধ্যক্ষৰ  ৯৯ টা পদৰ বিপৰীতে খালী ২৯টা। স্বাস্থ্য বিষয়া ৩১টা পদৰ বিপৰীতে খালী ১৯টা, নাৰ্ছৰ ৭ টা পদৰ পৰিৱৰ্তে খালী ১টা।লেবৰেটৰী টেকনিচিয়ানৰ ৬টা পদৰ খালী আছে ১টা।


    আনহাতে, কাৰাগাৰৰ বিদ্যালয়ৰ শিক্ষকৰ ১৪টা পদৰ খালী (vacancies) আছে ৩টা।  শিল্পকলাৰ প্ৰশিক্ষক ১৮টা পদৰ ২টা পদ খালী। জেলৰ ৱাৰ্ডৰ ৮৫০ টাৰ বিপৰীতে খালী আছে ১৭৩টা। চাফাই কৰ্মী ৬ টা পদৰ বিপৰীতে খালী আছে ৫টা। এই সমূহ খালী পদ থকাৰ পাছতো পদ পূৰণৰ ক্ষেত্ৰত লোৱা নাই কোনো ব্যৱস্থা ৷


     যি সময়ত কাৰাগাৰৰ ভিতৰছোৱাত কাৰাবন্দীৰ দুৰৱস্থাক লৈ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে, সেই সময়তে বিভাগটো চলাব লগা হৈছে সীমিত কৰ্মচাৰীৰে। ৰাজ্যৰ ৩১খন কাৰাগাৰৰ ৬ কেন্দ্ৰীয় কাৰাগাৰ। বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত কাৰাবন্দীৰে এতিয়া ভৰি পৰিছে কাৰাগাৰসমূহ (Jails)।


    জানিব পৰা অনুসৰি, ৰাজ্যৰ মুঠ কাৰাবন্দীৰ পঞ্জীয়নভুক্ত সামৰ্থ্য ১০,২৭০গৰাকী।বৰ্তমান কাৰাবন্দী অৱস্থাত আছে ১০৮৩০ গৰাকী। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ পঞ্জীয়নভুক্ত সামৰ্থ্য ১০০০ গৰাকী বন্দীৰ। তাৰ বিপৰীতে আছে ১৬১০ গৰাকী কাৰাবন্দী। এইদৰে এতিয়া ৰাজ্যৰ একাংশ কাৰাগাৰত সামৰ্থ্য অনুসৰি ৰাখিব লগা হৈছে কাৰাবন্দী ৷  এইদৰে চলিছে ৰাজ্যৰ কাৰাগাৰসমূহ ৷


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: