উত্তৰ-পূবত প্ৰৱেশ কৰিলে দক্ষিণ পশ্চিম মৌচুমী। আগন্তুক দিনত অব্যাহত থাকিব বৰষুণ। ৰাজ্যত তথা উত্তৰ-পূবত আজিৰে পৰা প্ৰৱেশ ঘটিল দক্ষিণ পশ্চিম মৌচুমীৰ। এই মৌচুমীৰ ফলতে ৰাজ্যত তথা উত্তৰ-পূবৰ কিছু ঠাইত আগন্তুক দিনত অব্যাহত থাকিব প্ৰবল বৰষুণ।
আৰৱ সাগৰৰ মধ্যম ভাগৰ পৰা ভাৰত অভিমুখে অহা দক্ষিণ পশ্চিম মৌচুমীয়ে আজি উত্তৰ-পূবত প্ৰৱেশ কৰে বুলি তথ্য প্ৰকাশ কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বিগত দুটা বছৰত এই মৌচুমী ১০ জুনত প্ৰৱেশ কৰিছিল যদিও এইবাৰ ৬ জুন তাৰিখেই প্ৰৱেশ ঘটে । এই মৌচুমীৰ ফলত আজিৰে পৰা উত্তৰ-পূবৰ বহু ঠাইত প্ৰায়ে হৈ থাকিব বৰষুণ।
আজিৰে পৰা আগন্তুক ৩দিনলৈ অসম, মেঘালয়, অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰৰ কিছু ঠাইত বৰষুণৰ সম্ভাৱনা আছে। আজি অসমৰ লগতে উত্তৰ-পূবৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণৰ হোৱাৰ পিছত তৃতীয় দিনলৈ এই বৰষুণৰ মাত্ৰা অধিক হ'ব বুলি মন্তব্য কৰে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য বতৰ বিজ্ঞানী সঞ্জয় অ'নিল শ্বৱে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|