
Source-Google
গৰমৰ বাবে এই ঘোষণা প্ৰশাসনৰ
গুৱাহাটী মহানগৰত কমা নাই গৰমৰ প্ৰকোপ।উৎকট গৰমৰ বাবে মহানগৰ প্ৰশাসনে ২৭ আৰু ২৮ আগষ্টত মহানগৰৰ সকলো বিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা কৰিছে। চৰকাৰী বিদ্যালয় সমূহৰ লগতে গুৱাহাটীৰ বেচৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব প্ৰশাসনৰ এই নিৰ্দেশনা।
আগষ্ট মাহৰ শেষতো গুৱাহাটী মহানগৰত কমা নাই গৰমৰ প্ৰকোপ। উত্কট গৰমৰ মাজতো বিদ্যালয়ত উপস্থিত থাকিবলগীয়া হৈছিল মহানগৰৰ কণ কণ ছাত্ৰ–ছাত্ৰীসকলে।উৎকট গৰমৰ পৰা ছত্ৰ–ছাত্ৰী সকলক কিছু সকাহ দিবলৈ ৰাজ্যৰ চৰকাৰী আৰুবেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানে গৰম বন্ধৰ ম্যাদ বৃদ্ধি কৰিবৰ বাবেও প্ৰশাসনক অনুৰোধ জনাইছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|