মুখ্যপৃষ্ঠা »খবৰ »অসম »BJP Assam Pradesh: এফালে নুমুৱাইছে, এফালে জ্বলিছে : বশিষ্ঠৰ বাজপেয়ী ভৱন পালেহি ক্ষোভ, বিৰোধৰ বহিঃপ্ৰকাশ

BJP Assam Pradesh: এফালে নুমুৱাইছে, এফালে জ্বলিছে : বশিষ্ঠৰ বাজপেয়ী ভৱন পালেহি ক্ষোভ, বিৰোধৰ বহিঃপ্ৰকাশ

শেহতীয়াকৈ ইখনৰ পিছত সিখন জিলাত বিৰোধৰ সন্মুখীন হৈছে শাসকীয় বিজেপি

শেহতীয়াকৈ ইখনৰ পিছত সিখন জিলাত বিৰোধৰ সন্মুখীন হৈছে শাসকীয় বিজেপি

শেহতীয়াকৈ ইখনৰ পিছত সিখন জিলাত বিৰোধৰ সন্মুখীন হৈছে শাসকীয় বিজেপি ৷ নলবাৰী, বঙাইগাঁৱৰ পিছত এইবাৰ হোজাই, বিদ্ৰোহৰ জুই জ্বলিছে এইবাৰ হোজাই বিজেপিত।

  • Share this:
বঙাইগাঁও, নলবাৰীৰ পিছত এইবাৰ হোজাইত ৷ হোজাই বিজেপিত এইবাৰ চলিছে জিলা সভাপতিৰ বিৰুদ্ধে বিদ্ৰোহ ৷ বশিষ্ঠৰ বাজপেয়ী ভৱন পালেহি ক্ষোভ, বিৰোধৰ বহিঃপ্ৰকাশ ৷
বিৰোধ ৷ শেহতীয়াকৈ ইখনৰ পিছত সিখন জিলাত বিৰোধৰ সন্মুখীন হৈছে শাসকীয় বিজেপি ৷ বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী সন্মুখীন হৈছিল অনাস্থাৰ ৷ নলবাৰীত আকৌ যুৱ মৰ্চাৰ জিলা সভাপতিয়ে সামাজিক মাধ্যমত নেতৃত্বই কংগ্ৰেছী আদৰ্শ হাতত লৈছে বুলি মুকলিকৈ প্ৰকাশ কৰিছিল বিষোদগাৰ ৷

এইবাৰ হোজাই ৷ হোজাই বিজেপিৰ সভাপতি অনুপ দেবৰ বিৰুদ্ধে এইবাৰ বহুকেইটা অভিযোগ আনি হোজাইৰ প্ৰায় দুশ লোকে দেওবাৰে দিছিল অভিযোগনামা ৷ অনুপ দেবৰ বিৰুদ্ধে ট্ৰান্সফাৰ, পোষ্টিঙৰ নামত বেহা, অবৈধ বালিৰ মহল গঢ়া, কাৰ্যকৰ্তাক গুৰুত্ব নিদিয়া আদি বহুকেইটা অভিযোগ ৷ স্বজন তোষনৰে উঠিৰজা বহিৰজা হোৱা অনুপ দেবে বিধায়ক ৰামকৃষ্ণ ঘোষৰ আত্মীয় হোৱাৰ সুবাদত হোজাই জিলা বিজেপিক বিপৰ্যয়লৈ ঠেলি দিয়াৰো অভিযোগ দাখিল কৰিছে হোজাইৰ কাৰ্যকৰ্তাই ৷

আনকি বিগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০সংখ্যক মন কী বাত অনুষ্ঠানত নিজ ৱাৰ্ডত দলে নিৰ্ধাৰিত কৰি দিয়া ১০০জন লোককে গোটাব পৰা নাছিল অনুপ দেবে ৷ একাংশৰ মতে, অনুপ দেবৰ বাবেই ১৪মে'ত বিজেপি এৰি TMCত যোগ দিছিল শতাধিক বিজেপি কৰ্মীয়ে প্ৰাক্তন বিধায়ক শিলাদিত্য দেবৰ উপস্থিতিত দিনত বাজপেয়ী ভৱনত আৰু নিশা সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰি অনুপ দেবৰ বিৰুদ্ধে অভিযোগ পত্ৰ দিয়াৰ পিছত বিষয়টোক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাইৰ মতে, এনে বিৰোধ সাময়িক দলে সকলোৰে কথা শুনিছিল, শুনে আৰু শুনিব ৷ দলটোৰ উপসভাপতি জয়ন্ত কুমাৰ দাসৰ মতে, "শাসনত থাকিলে ক্ষোভ, বিৰোধ থাকিবই ৷ দলৰ মজিয়াতে নিৰ্মূল হ'ব সকলো ৷"
কিন্তু কথা হ'ল ২০১৯ত নগাঁও সমষ্টি নিজৰ দখলত ৰাখিবলৈ ব্যৰ্থ হোৱা বিজেপিয়ে হোজাইৰ দৰে গুৰুত্বপূৰ্ণ জিলা এখনৰ কাৰ্যকৰ্তাৰ ক্ষোভ মৰিষণ কৰিব নোৱাৰিলে নগাঁও দখল হ'ব পাৰে দলটোৰ বাবে অতি কঠিন ৷

শেহতীয়া বাতৰি