এই বৰ্ষৰ ১ জুলাইৰ পৰা সমগ্ৰ দেশতে নিষিদ্ধ কৰা হৈছে নতুন মহকুমা, জিলা বা আন প্ৰশাসনিক সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া। এইবাৰ ভাৰতৰ মহাপঞ্জীয়কে সমগ্ৰ দেশতে লোকপিয়ল আৰম্ভ কৰিবলৈ এই ঘোষণা কৰিছে। বিগত ২ জানুৱাৰী তাৰিখে উপ মহাপঞ্জীৱক সঞ্জয়ে সকলো ৰাজ্যৰ মুখ্য সচিবক পত্ৰ প্ৰেৰণ কৰি ৩০ জুনৰ ভিতৰত জিলা, মহকুমা ঘোষণাৰ কিবা পৰিকল্পনা থাকিলে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে। এই পত্ৰখনত ৩০ জুনৰ পিছত ৰাজ্যই আৰক্ষী থানা এখনৰো কাৰ্যকৰী পৰিসীমা পৰিবৰ্তন কৰিব নোৱাৰিব বুলি উল্লেখ আছে। নিয়ম অনুসৰি এনে নিৰ্দেশৰ ৩ মাহৰ পিছত লোকপিয়ল আৰম্ভ হয়।
উল্লেখযোগ্য যে, ২০২১ চনতে সম্পন্ন হ’ব লগা লোকপিয়ল কোভিড সৃষ্ট পৰিবেশৰ কাৰণে সম্পন্ন নহ’ল। প্ৰতি ১০ বছৰৰ অন্তত দেশৰ মহাপঞ্জীয়কে জনগণনাৰ কৰ্মসূচী হাতত লয়। ২০১১ চনত অন্তিম লোকপিয়ল অনুষ্ঠিত হৈছিল। এইবাৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু সমগ্ৰ প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ অতি কমেও ১১ মাহৰ সময় লাগিব। গতিকে অক্টোবৰৰ পৰা যদিও লোকপিয়ল আৰম্ভ হয় তেন্তে সেই কাৰ্যৰ ২০২৪ৰ ছেপ্টেম্বৰত অৱসান ঘটিব । কিন্তু এনে এক বৃহৎ কাম কৰিবলৈ সচৰাচৰ দুবছৰ কালৰ প্রয়োজন হয়। তেনেস্থলত ২০২৪ৰ সাধৰণ নিৰ্বাচনৰ পূৰ্বে লোকপিয়ল সমাপ্ত হোৱাৰ আশা কম।
ইফালে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ সুবাদত জানুৱাৰীৰ ১ তাৰিখৰ পৰা নতুন প্ৰশাসনিক সীমা নিৰ্ধাৰণ কৰা কাৰ্য্য বন্ধ হৈ আছে। বৰ্তমান নিৰ্বাচন আয়োগে এই বাধা আৰোপ কৰিছে। এই নিৰ্দেশৰ এদিন পূৰ্বে অসম চৰকাৰে অসমৰ চাৰি নতুন জিলা ক্ৰমে -বিশ্বনাথ, হোজাই, তামোলপুৰ আৰু বজালীক মহকুমালৈ অৱনমিত কৰিছিল। মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ শেষ হোৱাৰ পিছতে চাৰিও স্থানক পুনৰ জিলা কৰাৰ প্ৰতিশ্ৰুতি দিছে। কিন্তু এই নিষেধাজ্ঞা অন্ত পৰাৰ আগতে মহাপঞ্জীয়কৰ নিৰ্দেশ প্ৰযোজ্য হ’ব। তেনেস্থলত এই চাৰি স্থান পুনৰ কেতিয়া জিলা হ’ব সেই কথাত অনিশ্চয়তাই বিৰাজ কৰিছে ।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 06, 2023, 14:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।