"প্ৰকৃত বাংলাদেশী হ'ল শিলাদিত্য দেৱ, শিলাদিত্য দেৱ এগৰাকী পাগল ব্যক্তি": আমিনুল ইছলাম।
"প্ৰকৃত বাংলাদেশী হ'ল শিলাদিত্য দেৱ, শিলাদিত্য দেৱ এগৰাকী পাগল ব্যক্তি": আমিনুল ইছলাম।
মূল্যবৃদ্ধি সম্পৰ্কত অদ্ভুত মন্তব্য শাসকীয় দলৰ নেতা তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। শিলাদিত্য দেৱৰ মতে বাংলাদেশী মুছলমানে বেছিকৈ খাইছে বাবেই অসমত ভয়াৱহ হাৰত মূল্যবৃদ্ধি হৈছে। শিলাদিত্য দেৱে কয় যে, 'অসমত থকা বাংলাদেশী মুছলমানে বেছিকৈ খাইছে বাবে মূল্যবৃদ্ধি হৈছে। বাংলাদেশত খাবলৈ নাপাই অসমলৈ আহি সকলো আঁচনি মুছলমানসকলে ভোগ কৰি আছে।'
লগে লগে শিলাদিত্য দেৱক উভতি ধৰি ধিঙৰ বিধায়ক আমিনুল ইছলামে কয় যে, শিলাদিত্য দেৱ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত পাগল ব্যক্তি। শিলাদিত্য দেৱক এগৰাকী বাংলাদেশী নাগৰিক বুলিও কয় আমিনুল ইছলামে। শিলাদিত্য দেৱে দ্বিতীয় শ্ৰেণীলৈ বাংলাদেশৰ স্কুলত পঢ়িছিল বুলি মন্তব্য আগবঢ়াই বিধায়ক আমিনুল ইছলামে। অসমৰ বিভিন্ন চৰ চাপৰিত সংখ্যালঘু লোকে শাক পাচলিৰ খেতি কৰাৰ বাবে ৰাজ্যত বজাৰ চলি আছে, শাক পাচলিৰ অভাৱ হোৱা নাই বুলিও কয় ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক গৰাকীয়ে।
এনেদৰেই এতিয়া শাসকীয়-বিৰোধী পক্ষৰ নেতাই মূল্যবৃদ্ধিৰ প্ৰসংগত তৰল মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছে। মূল্যবৃদ্ধি ৰোধ কৰাৰ পৰিৱৰ্তে শাসকীয় মন্ত্ৰী বিধায়ক বা নেতাই বিভিন্ন সময়ত আগবঢ়াইছে বিভিন্ন ধৰণৰ অদ্ভুত আৰু তৰল মন্তব্য। দিছপুৰৰ বিধায়ক অতুল বৰাই গাখীৰৰ দাম বৃদ্ধিৰ পোৱাৰ বাবে কৈছিল লাল চাহ খাব লাগে। আলুৰ দাম বাঢ়িলে পিয়াজ ভাজি খাব লাগে। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে ভৱেশ কলিতাই কৈছিল বাইকত তিনিজন উঠক। ইমানেই নহয় বান্দৰৰ উপদ্ৰপৰ বাবে মূল্যবৃদ্ধি হৈছে বুলি কৈছিল আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|