শিক্ষক দিৱসৰ দিনাই ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ কাম আৰম্ভ কৰে অসম চৰকাৰে। নতুন শিক্ষা নীতিকলৈ গঠিত উচ্চ পৰ্য্যায়ৰ কমিটীৰ প্ৰথমখন বৈঠক শনিবাৰে অনুষ্ঠিত হয়। গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত অসমৰ শিক্ষা নীতিৰ পৰামৰ্শদাতা ৭২ জনীয়া কমিটীৰ সদস্য, সদস্যাসকল উপস্থিত থাকে। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে।
এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নতি সাধিব বুলি মতপোষণ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সকলো স্তৰৰ শিক্ষাক মৰ্যদা প্ৰদান কৰাৰ লগতে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। দেশৰ সকলোৱে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিক আদৰি লৈছে বুলিও কয় শিক্ষামন্ত্ৰীগৰাকীয়ে।