ভূত বাংলা বনাবলৈ ১২ লাখ খৰচ চৰকাৰৰ! ৰঙিয়াৰ এটি উপ-স্বাস্থ্যকেন্দ্ৰৰ কাহিনী

News18 Assam | News18-Assam
Updated:July 19, 2021, 7:42 PM IST
ভূত বাংলা বনাবলৈ ১২ লাখ খৰচ চৰকাৰৰ! ৰঙিয়াৰ এটি উপ-স্বাস্থ্যকেন্দ্ৰৰ কাহিনী
ৰাইজৰ পৰিৱৰ্তে ঠিকাদাৰ লাভৱান হোৱা উপ স্বাস্থ্যকেন্দ্ৰটো আজিলৈকে নহ'ল মুকলি।

ৰাইজৰ পৰিৱৰ্তে ঠিকাদাৰ লাভৱান হোৱা উপ স্বাস্থ্যকেন্দ্ৰটো আজিলৈকে নহ'ল মুকলি।

  • Share this:

ভূত বাংলাত পৰিণত হৈছে ৰঙিয়াৰ এটি উপ-স্বাস্থ্য কেন্দ্ৰ। চাৰিওফালে হাবি-জংঘলেৰে আৱৰি ধৰিছে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পূব দ্বাৰকুছি উপ-স্বাস্থ্য কেন্দ্ৰটো। ক'ভিড-১৯ আতংকত অন্য ৰোগীসকলে চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ছবছৰ পিছতো নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে উপ-স্বাস্থ্য কেন্দ্ৰতো। ৰাইজৰ পৰিৱৰ্তে ঠিকাদাৰ লাভৱান হোৱা উপ স্বাস্থ্যকেন্দ্ৰটো আজিলৈকে মুকলি নোহোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।


উপ-স্বাস্থ্য কেন্দ্ৰটো মুকলি নকৰাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছে। অতি পিছপৰা এই অঞ্চলটোৰ ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত প্ৰায় ১২ লাখ টকা ব্যয়েৰে এই স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল। কিন্তু আজিলৈকে এই স্বাস্থ্য কেন্দ্ৰটো মুকলি নোহোৱাত লাহে লাহে ইয়াৰ গৃহ জহি-খহি যাবলৈ ধৰিছে। বৰ্তমান হাবি-জংঘলে আৱৰি ধৰা এই স্বাস্থ্য কেন্দ্ৰটোৰ পৰা ৰাইজে চিকিৎসা সেৱা লাভ কৰাৰ পৰিৱৰ্তে বৰ্তমান গৰু-ছাগলীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে।

Published by: Gautam Barman
First published: July 19, 2021, 7:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি