உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Mizoram Incident: মিজোৰামগামী একমাত্ৰ ৰে'লপথ বিচ্ছিন্ন হাইলাকান্দিত, উত্তাল প্ৰতিবাদ

    Assam-Mizoram Incident: মিজোৰামগামী একমাত্ৰ ৰে'লপথ বিচ্ছিন্ন হাইলাকান্দিত, উত্তাল প্ৰতিবাদ

    এই ৰে'লপথেৰে সকলো খাদ্য সামগ্ৰী, ইন্ধন আদি মিজোৰামলৈ প্ৰেৰণ কৰা হয়।

    এই ৰে'লপথেৰে সকলো খাদ্য সামগ্ৰী, ইন্ধন আদি মিজোৰামলৈ প্ৰেৰণ কৰা হয়।

    এই ৰে'লপথেৰে সকলো খাদ্য সামগ্ৰী, ইন্ধন আদি মিজোৰামলৈ প্ৰেৰণ কৰা হয়।

    • Share this:

    মিজোৰামৰ বৰ্বৰ কাণ্ডৰ প্ৰতিবাদ অব্যাহত আছে হাইলাকান্দিত। অৰ্থনৈতিক অৱৰোধৰ পিছতে এতিয়া মিজোৰামলৈকে যোৱা ৰে'লপথ বিচ্ছিন্ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। হাইলাকান্দি জিলাৰ মোহম্মদপুৰ ষ্টেচনত ৰে'ল পথ বিচ্ছিন্ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।


    কালি কাছাৰ জিলাৰ লায়লাপুৰত প্ৰতিবেশী ৰাজ্য মিজোৰামৰ আৰক্ষী আৰু একাংশ দুৰ্বৃত্তই চলোৱা আক্ৰমণত গুলীবিদ্ধ হৈ মৃত্যু হোৱা ৫ আৰক্ষী জোৱানৰ হত্যাৰ প্ৰতিবাদত আজি পুৱাৰ পৰাই উত্তাল হৈ আছে হাইলাকান্দি জিলা। ৰাতিপুৱা ৬ নম্বৰ (পুৰণি ১৫৪ নম্বৰ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় ৰাইজে।


     এতিয়া স্থানীয় মোহম্মদপুৰ ষ্টেচনৰ কাষত মিজোৰামৰ ভৈৰৱীৰ সৈতে হাইলাকান্দি জিলাক সংযোগ কৰা একমাত্ৰ ৰে'লপথটো ভাঙি–ছিঙি বিচ্ছিন্ন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখ্য বহিঃজগতৰ সৈতে মিজোৰাম ৰাজ্যক সংযুক্ত কৰা এইটো একমাত্ৰ ৰে'লপথ। এই ৰে'লপথেৰে সকলো খাদ্য সামগ্ৰী, ইন্ধন আদি মিজোৰামলৈ প্ৰেৰণ কৰা হয়। এই ৰে'লপথটো ছিঙি বন্ধ কৰাৰ বাবে বৰ্তমানে ৰে'ল পথেৰে মিজোৰামৰ সংযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। আনফালে আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ চলি আছে।

    Published by:Gautam Barman
    First published: