মুখ্যপৃষ্ঠা »খবৰ »অসম »Unsolved Cases in Assam : থানাই থানাই পৰি আছে ৫৯,৫৬৪টা নিষ্পত্তিহীন গোচৰ, তিনি বছৰৰ হিচাপ দিলে বিধানসভাত

Unsolved Cases in Assam : থানাই থানাই পৰি আছে ৫৯,৫৬৪টা নিষ্পত্তিহীন গোচৰ, তিনি বছৰৰ হিচাপ দিলে বিধানসভাত

ৰাজ্যৰ অপৰাধ জগতত গাড়ীচোৰৰ সংখ্যা সৰ্বাধিক 

ৰাজ্যৰ অপৰাধ জগতত গাড়ীচোৰৰ সংখ্যা সৰ্বাধিক 

ৰাজ্যৰ অপৰাধ জগতত গাড়ীচোৰৰ সংখ্যা সৰ্বাধিক 

  • Share this:
অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যখনৰ থানাসমূহত নিষ্পত্তিহীন গোচৰৰ সংখ্যা কিমান তাৰ তথ্য দিছে গৃহ বিভাগে ৷ ২০২০ৰ পৰা চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈকে নিষ্পত্তিহীন গোচৰৰ সংখ্যা ৫৯,৫৬৪টা ৷ ৰাজ্যখনত সংঘটিত হোৱা অপৰাধৰ ভিতৰত হত্যাৰ সংখ্যা এই সময়ছোৱাত ৩৫০৪টা, ধৰ্ষণৰ ঘটনা ৫১৩৫টা, ডকাইতি ৪৭৬টা, ড্ৰাগছৰ ঘটনা ৬৫৪৭টা, বাৰ্মিজ চুপাৰী ৩৮১টা, গাড়ী চুৰিৰ ঘটনা ১২৩০২টা, চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ৩১৪৮টা ৷

কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত নৰহৰ প্ৰশ্নত এই তথ্য দিছে ৰাজ্যৰ গৃহ বিভাগে। বিধায়ক নৰহে ৰাজ্যখনৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে হাতত লোৱা ব্যৱস্থাসমূহ কি কি জানিব বিচৰাত গৃহ বিভাগে উত্তৰ দিছে এইদৰে— "ৰাজ্যখনত অপৰাধ নিয়ন্ত্ৰণৰ বাবে তলত দিয়া ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে।

(১) ৰাজ্যখনৰ বিভিন্ন আৰক্ষী চকীৰ অন্তৰ্গত এলেকাসমূহত ২৪ x৭ নাকা চেকিঙে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। ২) ৰাজ্যখনত অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত পেট্ৰ'লিঙৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। (৩) ৰাজ্যখনৰ গাঁওৰক্ষী বাহিনীৰ সমিতিসমূহক সক্ৰিয় কৰি তোলাৰ লগতে অপৰাধৰ ক্ষেত্ৰত সজাগতামূলক সভাৰ আহ্বান কৰি থকা হৈছে। (৪) বিভিন্ন সময়ত গোচৰসমূহত বিভাগীয় বিষয়াৰ দ্বাৰা পৰ্যবেক্ষণ কৰি থকা হৈছে। (৫) চৰকাৰে অপৰাধ নিয়ন্ত্ৰণৰ বাবে আইনৰ ধাৰাসমূহৰ ভিতৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি অপৰাধ সম্বন্ধে জনসাধাৰণক সতৰ্ক আৰু সজাগ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে।"

শেহতীয়া বাতৰি