মুখ্যপৃষ্ঠা »খবৰ »অসম »World Environment Day: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ চাইকেল ৰেলী

World Environment Day: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ চাইকেল ৰেলী

ৰেলী উদ্বোধন কৰে মিছন সঞ্চালক লক্ষ্মীপ্ৰিয়াই

ৰেলী উদ্বোধন কৰে মিছন সঞ্চালক লক্ষ্মীপ্ৰিয়াই

ৰেলী উদ্বোধন কৰে মিছন সঞ্চালক লক্ষ্মীপ্ৰিয়াই

  • Share this:
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ (National Health Mission) চাইকেল ৰেলী ৷ প্ৰদূষণ হ্ৰাস, সুস্বাস্হ্য আৰু দীৰ্ঘজীৱী হোৱাৰ লক্ষ্যৰে উলিওৱা হয় এই বিশেষ ৰেলী ৷ ৰেলীত অংশ লয় মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক চাইক্লিষ্টে ৷

উল্লেখ্য যে ৰেলী উদ্বোধন কৰে মিছন সঞ্চালক লক্ষ্মীপ্ৰিয়াই ৷ অনুষ্ঠানতে মিছন সঞ্চালকগৰাকীয়ে পৰিৱেশ প্ৰদূষণৰ লগতে নতুন নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে উল্লেখ কৰে।

এনে প্ৰসংগতে তেওঁ কয় monkeypox ক লৈ ৰাজ্যত জাৰি কৰা হৈছে সতৰ্কতা ৷ ইউৰোপীয় দেশত অধিক হাৰত আক্ৰান্ত monkeypox ৷ যদিওবা ভাৰতত এতিয়ালৈ কোনো লোক আক্ৰান্ত হোৱা নাই ৷ তথাপি সাৱধানতা জাৰি কৰা হয় অসমত ৷

monkeypox ক লৈ অসমত বিশেষ কমিটী গঠনৰ বিষয়েও তেওঁ উল্লেখ কৰে ৷ কমিটিৰ তত্ত্বাৱধানত স্পৰ্শকাতৰ স্থানসমূহৰ পৰ্যবেক্ষণ চলি আছে ৷

শেহতীয়া বাতৰি