কেন্দ্রীয় চৰকাৰে এইবাৰ আজাদী কি অমৃত মহোত্সৱ উপলক্ষে ঘোষণা কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ অধীনত অহা মাহৰ ১৩ৰ পৰা ১৫ আগষ্টলৈ তিনি দিনৰ বাবে দেশজুৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত ত্রিৰংগা উত্তোলন কৰিব (National Flag will be hoisted more than 20 crore houses)।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু প্ৰশাসকৰ সৈতে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অধীনত সম্পন্ন হ’বলগীয়া এই অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। বিবৃতি অনুসৰি, গৃহমন্ত্ৰী শ্বাহে (Union Home Minister Amit Shah) কয় যে ২২ জুলাইৰ পৰা সকলো ৰাজ্য চৰকাৰৰ ৱেবছাইটৰ হোমপেজত ৰাষ্ট্ৰীয় পতাকা প্ৰকাশ কৰাৰ লগতে নাগৰিকসকলকো তেওঁলোকৰ ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আৰু অন্যান্য ছ’চিয়েল মিডিয়া একাউণ্টত ত্ৰিৰংগা প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা উচিত।