আজি মুকলি হ’ব বহুপ্ৰতীক্ষিত বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়। বশিষ্ঠস্থিত কাৰ্যালয়টো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি নড্ডাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি কৰিব। উল্লেখ্য যে, প্ৰায় ২৫ কোটি টকা ব্যয়সাপেক্ষে ১ লাখ বৰ্গ ফুট এলেকাত নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টো। প্ৰায় ৫ সহস্ৰাধিক লোক একেলগে সমবেত হ'ব পৰা ছয়মহলীয়া এই আকৰ্ষণীয় কাৰ্যালয়টোত অতিথিশালা আৰু মিডিয়া চেণ্টাৰো আছে। লগতে আছে প্ৰায় ৪০০ লোক বহিব পৰা এক অত্যাধুনিক বিশাল প্ৰেক্ষাগৃহ।
জানিব পৰা মতে, বিজেপিৰ দলীয়-কৰ্মীৰ সহায় আৰু সাহাৰ্যৰে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো।
মন কৰিবলগীয়া যে, ১৯৮০ চনত উজানবজাৰত ৰাজ্যিক বিজেপিৰ প্ৰথমটো কাৰ্যালয় স্থাপন কৰা হৈছিল। ইয়াৰ পাছত জুৰোডত ভাড়াঘৰ এটালৈ ইয়াৰ কাৰ্যালয় নিয়া হয় আৰু পৰৱৰ্তী সময়ত হেঙেৰাবাৰীলৈ ইয়াক স্থানান্তৰিত কৰা হয়। এই দীঘলীয়া ৪২ বছৰ অন্তত অসম ৰাজ্যিক বিজেপিয়ে আজি এটা স্থায়ী কাৰ্যালয় লাভ কৰিব। নৱনিৰ্মিত অত্যাধুনিক কাৰ্যালয়টো অটল বিহাৰী বাজপেয়ী ভৱন নামেৰে নামাকৰণ কৰা হৈছে।
২০১৯ চনত সেইসময়ৰ তদানীন্তন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আধাৰশিলা আৰু ভূমি পুজন কৰিছিল।
ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নতুন উপস্থিত হৈছে। দলীয় পতাকা উত্তোলনেৰে আৰম্ভ হৈছে কাৰ্যসূচী। এইখিনিতে উল্লেখনীয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ সৈতে আৰম্ভণিৰে পৰা জড়িত ব্যক্তিসকলক ভৰি ধুৱাই কাপোৰেৰে ভৰি মচি সেৱা জনায়।
Published by: Sehnaz Begum
FIRST PUBLISHED : October 08, 2022, 15:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।