মহন্তৰ নেতৃত্বত অনুষ্ঠিত বৈঠকৰ কোনো গুৰুত্ব নাই, দলৰ ক্ষতি হোৱা কামৰ পৰা আঁতৰি থাকক মহন্ত : ফণীভূষণ চৌধুৰী

News18 Assam | News18-Assam
Updated:January 7, 2020, 3:40 PM IST
মহন্তৰ নেতৃত্বত অনুষ্ঠিত বৈঠকৰ কোনো গুৰুত্ব নাই, দলৰ ক্ষতি হোৱা কামৰ পৰা আঁতৰি থাকক মহন্ত : ফণীভূষণ চৌধুৰী
দুজনমানে মিটিং কৰিলেই দলৰ মিটিং হৈ নাযায়, মহন্তক কটাক্ষ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

দুজনমানে মিটিং কৰিলেই দলৰ মিটিং হৈ নাযায়, মহন্তক কটাক্ষ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

  • Share this:
প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত আজি গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত আয়োজিত সভাক লৈ সৰব হৈ উঠিল দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী৷ চৌধুৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক'লে – ‘আমাৰ দলৰ সভাপতি অতুল বৰা৷ দলৰ সভাপতিয়ে আজি কোনো বৈঠক আয়োজন কৰা নাই৷ আজি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অনুষ্ঠিত বৈঠকখনৰ কোনো গুৰুত্ব নাই৷ এইখন আমাৰ দলৰ বৈঠক নহয়৷’

‘দুজনমান লোকে মিটিং কৰিলেই দলৰ মিটিং নহয়৷ মই মহন্তক অনুৰোধ জনাইছো, তেওঁ যাতে দলৰ বেয়া হ'ব পৰা কাম নকৰে৷ এই সময়ত দলক শক্তিশালী কৰাৰ বাবে কাম কৰক৷’ – কয় মন্ত্ৰী চৌধুৰীয়ে৷

মহন্তৰ শেহতীয়া কাৰ্যপন্থা সন্দৰ্ভত মন্ত্ৰী ফণীভূষণে ক'লে, ‘অসম বিধানসভাত তেওঁ আৰু মই সুৰ্দীঘ ৩৪ বছৰে বিধায়ক হৈ আছো৷ সেয়ে মই মহন্তক অনুৰোধ জনাইছো, মহন্তই যাতে দলৰ ক্ষতি কৰা কামৰ পৰা আঁতৰি থাকে৷ কিবা মনে নিমিলা কথা থাকিলে তেওঁ দলৰ নেতৃত্বৰ সৈতে আলোচনা কৰক৷’

ইপিনে আজি যিখন মিটিং হৈছে, সেই মিটিঙে দলক কোনো ক্ষতি নকৰে বা কৰিব নোৱাৰে বুলি উল্লেখ কৰি বিধায়ক প্ৰবীন্দ্ৰ ডেকাকো সমালোচনা কৰে মন্ত্ৰী চৌধুৰীয়ে ৷ ক'লে, ‘প্ৰবীন্দ্ৰ ডেকাই যি কৰিছে ভাল কৰা নাই৷ এয়া তেওঁৰ নিজৰ বাবেও ভাল নহয়, দলৰ বাবেও নহয়৷ আজিৰ বৈঠকত উপস্থিত থকাসকল আমাৰ দলৰ কোনো কমিটীৰ নেতা নহয়৷ আমাৰ শাখা, আঞ্চলিক, জিলা বা কেন্দ্ৰীয় কমিটীৰ নেতা তাত নাই ৷ বৰং দলৰ পৰা বহিষ্কাৰ কৰা কোনো লোকহে তাত আছে ৷’

ইয়াৰ লগতে অগপৰ মুখপাত্ৰ তথা বিধায়ক সত্যব্ৰত কলিতায়ো আজিৰ মহন্তৰ নেতৃত্বত আয়োজিত বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘আজি আমাৰ দলৰ কোনো বৈঠক অনুষ্ঠিত হোৱা নাই৷ মই দলৰ মুখপাত্ৰ হিচাপে কৈছো, আমাৰ দলৰ কোনো বৈঠক অনুষ্ঠিত হোৱা নাই৷ মহন্তই ক'ত আছে, কি কৰিছে সেই সন্দৰ্ভত মই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো৷’
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি