এ চি কোঠাৰ পৰা ওলাব নোখোজা কংগ্ৰেছৰ একাংশ নেতাৰ কাৰণেই ২০১৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ হাৰিলে!
কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী আকৌ চৰ্চাত। ২০১৬ ৰ বিধানসভা নিৰ্বাচনত কিয় কংগ্ৰেছ পৰাস্ত হ’ল এইবাৰ তাৰ অন্যতম কাৰণ বিচাৰি পাইছে বিধায়কজনে! ৰূপজ্যোতি কুৰ্মীৰ মতে কংগ্ৰেছ দলৰ একাংশ নেতাই বিধানসভা নিৰ্বাচনৰ সময়ত এ চি কোঠাৰ পৰা ওলাব নোখোজাৰ বাবেই বিজেপিৰ হাতত পৰাস্ত হ’ল কংগ্ৰেছ! অসম বিধান সভাৰ চলিত অধিৱেশনৰ মাজতে সাংবাদিক সৈতে হোৱা কথা-বাৰ্তাত কুৰ্মীয়ে কয় যে দলটোৰ কিছুমান নেতাৰ মাজত অহংকাৰে গঢ় লৈ উঠিছিল আৰু সাধাৰণ ৰাইজৰ সৈতে তেওঁলোক বিচ্ছিন্ন হৈ পৰিছিল।
নাম নোলোৱাকৈয়ে ৰূপজ্যোতি কুৰ্মীয়ে দলৰ কেইগৰাকী মান নেতাক সমালোচনাও কৰে। ২০০১ৰ পৰা ধাৰাবাহিকভাৱে ক্ষমতাত থকাৰ ফলত আমাৰ কিছুমান দলীয় নেতাৰ অহংকাৰ গঢ় লৈ উঠিছিল, যাৰ ফল ২০১৬ ৰ নিৰ্বাচনত হাতে হাতে পালে। অৱশ্যে কুৰ্মীয়ে আশা ব্যক্ত কৰে আৰু কয় যে বৰ্তমান থকা ২৪গৰাকী কংগ্ৰেছী বিধায়কেই কঠিন শ্ৰম কৰিব লাগিব আৰু ২০০১ৰ যাদু পুনৰ ঘটোৱাব লাগিব।
উল্লেখযোগ্য যে কিছুদিন আগতে ৰূপজ্যোতি কুৰ্মীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে টিকট দিলে আৰু চৰকাৰ গঠনৰ পিছত মন্ত্ৰীপদ যাচিলে বিজেপিলৈ যাম বুলি মুকলিকৈ কৈছিল, কিন্তু পিছত মাতৃয়ে সপোনত ৰূপজ্যোতি কুৰ্মীক কংগ্ৰেছ ত্যাগ নকৰিবলৈ কোৱাত নিজৰ সিদ্ধান্ত সলনি কৰে বিধায়কজনে!
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|