• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমীয়া মুছলমান হোৱাৰ বাবেই কংগ্ৰেছৰ পৰা নিলম্বন কৰা হ’ল নেকি দুলু আহমেদক?

অসমীয়া মুছলমান হোৱাৰ বাবেই কংগ্ৰেছৰ পৰা নিলম্বন কৰা হ’ল নেকি দুলু আহমেদক?

ৰূপজ্যোতি হিন্দু আৰু মই অসমীয়া মুছলমান বাবেই বৈষম্যঃ দুলু আহমেদ, নিউজ এডিটৰ তুলিকা দেৱীৰ ‘দিনটোৰ শিৰোনাম’ত বিস্ফোৰণ দুলু আহমেদৰ

ৰূপজ্যোতি হিন্দু আৰু মই অসমীয়া মুছলমান বাবেই বৈষম্যঃ দুলু আহমেদ, নিউজ এডিটৰ তুলিকা দেৱীৰ ‘দিনটোৰ শিৰোনাম’ত বিস্ফোৰণ দুলু আহমেদৰ

ৰূপজ্যোতি হিন্দু আৰু মই অসমীয়া মুছলমান বাবেই বৈষম্যঃ দুলু আহমেদ, নিউজ এডিটৰ তুলিকা দেৱীৰ ‘দিনটোৰ শিৰোনাম’ত বিস্ফোৰণ দুলু আহমেদৰ

  • Share this:
    কিয় কংগ্ৰেছৰ পৰা নিলম্বন কৰা হ’ল কংগ্ৰেছৰ সাধাৰণ সম্পাদক, প্ৰাক্তন বিধায়ক দুলু আহমেদক? News18 ৰ জনপ্ৰিয় অনুষ্ঠান ‘দিনটোৰ শিৰোনাম’ত দুলু আহমেদৰ বিস্ফোৰণ!

    ‘অসমীয়া মুছলমান হোৱাৰ বাবেই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ’– দুলু আহমেদ

    অনুষ্ঠানত ৰকিবুল হুচেইনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ দুলু আহমেদৰ। ৯ গৰাকী পূৰ্ব বংগীয় মুছলমান বিধায়কৰে মিলি কংগ্ৰেছৰ দলৰ সদ্য নিলম্বিত বিধায়কজনৰ বিৰুদ্ধে কৰা হ’ল গভীৰ ষড়যন্ত্ৰ।অনুষ্ঠানতৰ মাজতে ২০২১ৰ বিধানসভা নিৰ্বাচনত চামগুৰিৰ পৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধন্ত দুলু আহমেদৰ।

    ৰূপজ্যোতি হিন্দু আৰু মই অসমীয়া মুছলমান বাবেই বৈষম্যঃ দুলু আহমেদ

    বিজেপিলৈ যাব বুলি ৰূপজ্যোতি কুৰ্মীয়ে দলীয় অনুশাসন ভংগ কৰাৰ পিছতো তেওঁৰ বিৰুদ্ধে লোৱা নহ’ল কোনো ব্যৱস্থা।কিন্তু এটা ফেচবুক পষ্টক কেন্দ্ৰ কৰিয়েই দলৰ পৰা নিলম্বিত কৰা হয় দুলু আহমেদক। এনে বৈষম্যৰ মূল কাৰণ ৰূপজ্যোতি কুৰ্মী হিন্দু আৰু তেওঁ অসমীয়া মুছলমান!’ এনেদৰে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দুলু আহমেদৰ।



    ২০২১ত চামগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে মই নামিম নিৰ্বাচনত’

    দুলু আহমেদৰ মতে ‘পঞ্চায়ত নিৰ্বাচনত সমষ্টিতে মুখ থেকেচা খোৱা নেতা ৰকিবুল হুচেইন।ৰকিবুল হুছেইনে ৰিপুণ বৰাক কয় আপোনাৰ চকী লৰক ফৰক। ৰকিবুল হুছেইনৰ ঘৰত আয়োজন কৰা নৈশভোজত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ’ । যদি হাজো সমষ্টিৰ পৰা কংগ্ৰেছে দুলু আহমেদক প্ৰাৰ্থীত্ব নিদিয়ে তেন্তে নিৰ্দলীয়কৈ হ’লেও ৰকিবুল হুচেইনৰ বিৰুদ্ধে চামগুৰিৰ পৰা ২০২১ চনৰ বিধানসভা  নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি আজিৰ অনুষ্ঠানতে ঘোষণা কৰিলে দুলু আহমেদে।

    এনেদৰে নিউজ এডিটৰ তুলিকা দেৱীৰ ‘দিনটোৰ শিৰোনাম’ অনুষ্ঠানত দলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপিত কৰে  দুলু আহমেদে।

    কি কৈছিল দুলু আহমেদে, চাওক ভিডিঅ’

    https://www.facebook.com/News18AssamNE/videos/1996127100488529/?t=6
    First published: