২১ নৱেম্বৰ ২০২২ ৷ মহানগৰীৰ পাঞ্জাবাৰীৰ পূৰবী ডায়েৰী সন্মুখত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড ৷ ডায়েৰীৰ ধন বেংকত জমা দিবলৈ অহা বিতৰক ৰঞ্জিত বৰাৰ পৰা বেগ নিবলৈ চেষ্টা দুৰ্বৃত্তৰ৷ কোনো কাৰণত বেগ এৰি নিদিবলৈ মান্তি নোহোৱাত দুৰ্বৃত্তৰ গুলী ৰঞ্জিত বৰাক ৷ AS-01 AQ 4064 নম্বৰ গ্লেমাৰ বাইকত অহা বাইক আৰোহীয়ে পলায়ন কৰি হাজোত লুকাই ৰাখে বাইকখন৷
পিছে, ৰহস্যজনকভাৱে ৰঞ্জিত বৰাক গুলী চলোৱা চাহ আলম পাঞ্জাবাৰীৰ এক্সেল একাডেমী স্কুলৰ স্বত্বাধিকাৰী বুলি তথ্যত প্ৰকাশ। স্কুল পৰিচালনা কৰা আলমৰ এই কাণ্ডই জোকাৰিছে সকলোকে। জানিব পৰা মতে, ডকাইতি কৰি অৰ্জা ধনেৰে স্কুল পৰিচালনা কৰিছিল আলমে। ৭টাৰো অধিক ডকাইতি কাণ্ডৰ নেতৃত্ব দিয়া আলমৰ ডকাইতিৰ কৌশল আছিল সুকীয়া। সম্পূৰ্ণ পৰিকল্পনাৰে কৰে ডকাইতি। ডকাইতিৰ পূৰ্বে চলাই দীৰ্ঘদিনীয়া জৰীপ। ৰঞ্জিত বৰাকো টাৰ্গেট কৰা হৈছিল তিনি সপ্তাহ ধৰি চলোৱা নিৰীক্ষণৰ পিছত।
গুৱাহাটী মহানগৰ, কামৰূপ, নলবাৰী আৰক্ষীৰ যুটীয়া অভিয়ানত অৱশেষত ঘটনাত জড়িত মুঠ ৫ গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰে দুই মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ, সজল আলী ৷ আন ৩ ক্ৰমে জয়দেৱ মহন্ত, জিটুমণি বৰ্মন আৰু হৰেন পাটগিৰি৷ উল্লেখ্য যে আৰক্ষীৰ তদন্তৰ খাতিৰত নাম লোৱা নাই এজনৰ।
ছয়জনীয়া মাষ্টাৰ গেঙৰ ঘটনা মাথোঁ এয়া প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও মহানগৰীসহ ৰাজ্যৰ আন আন স্থানত সংঘটিত কৰিছে চুৰি-ডকাইতি কাণ্ড৷ চাংসাৰীত আৰক্ষীৰ পোছাকত আহি ৩২ লাখ টকা ডকাইতি কৰিছিল এই আলমৰ নেতৃত্বতে। আৰক্ষীৰ বাবে এয়া বৃহত্ সাফল্য বুলি পৰিগণিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।