৬ মাহতে বিকল হ’ল GMDAৰ গান্ধী মণ্ডপৰ লাইট ছাউণ্ড ব্যৱস্থা৷ ৬ কোটি ৫০ লাখ টকা ব্যয়ৰে ব্যৱস্থা কৰা হৈছিল গান্ধী মণ্ডপৰ লাইট চাউণ্ড ব্যৱস্থা৷ বুধবাৰে বিকল হ’ল উন্নতমানৰ লাইট ছাউণ্ড ব্যৱস্থা।
লাইট শ্ব’ উপভোগ নকৰাকৈ উভতিল মন্ত্ৰী অশোক সিংঘাল৷ হাতযোৰ কৰি ক্ষমা-প্ৰাৰ্থনা GMDAৰ প্ৰকল্প সঞ্চালক গৌৰৱ মিশ্ৰৰ৷ গান্ধী মণ্ডপত উপস্থিত নাথাকিল এজনো বিৰোধী বিধায়কো। GMDAএই ব্যৱস্থা কৰা উন্নত মানৰ লাইট ছাউণ্ড উপভোগ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল সকলোকে ৷
বাজেট অধিৱেশনৰ বাবে উপস্থিত থাকিব নোৱাৰিলে বিধায়কসকল৷ অশোক সিংহলৰ লগত উপস্থিত থাকিল বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা। উপস্থিত থাকি অশোক সিংঘালে কয় বিধায়কসকলে সাধাৰণতে সময় নাপায়৷ বাজেট অধিৱেশনৰ সময়তে তেওঁলোকক চাবলৈ নিমন্ত্ৰণ কৰিছিলোঁ৷ আজি কেইবাজনো উপস্থিত থাকিব নোৱাৰিলে। পৰৱৰ্তী আকৌ এদিন চোৱাৰ ব্যৱস্থা কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে।
আনহাতে বাহিনী নদীৰ ওপৰত থকা দলং ভঙা প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয়- "ন্যায়ালয়ে ভাঙিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ ন্যায়ালয়ৰ নিৰ্দেশ মানিম৷ সোনকালে দলং ভঙা কাম আৰম্ভ হ’ব৷"
লগতে গুৱাহাটীবাসীক হাতযোৰ কৰি আহ্বান মন্ত্ৰী অশোক সিংঘালৰ- "নলাত জাবৰ নেপেলাব৷ নলাসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰক। গুৱাহাটীক কৃত্ৰিম বানৰ সমস্যাৰ পৰা দূৰ কৰাৰ চেষ্টা কৰিছোঁ৷ যিমান পাৰোঁ এই সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিম" বুলি মন্ত্ৰীগৰাকীয়ে ভাষ্য প্ৰদান কৰে।
উল্লেখযোগ্য যে গান্ধী মণ্ডপত সন্ধিয়াৰ লাইট এণ্ড ছাউণ্ড শ্ব' উপভোগ কৰিবলৈ মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল উপস্থিত হৈছিল গান্ধী মণ্ডপত। শেহতীয়াকৈ গান্ধী মণ্ডপত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত ২ অক্টোবৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাবে মুকলি কৰিছিল এই লাইট ছাউণ্ড ব্যৱস্থা। স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ব্যৱস্থা কৰা হৈছে গান্ধী মণ্ডপৰ এই লাইট ছাউণ্ডৰ।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 21:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।