পঞ্চভূতত বিলীন হ'ল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ। নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হয় অসমীয়া সমাজ জীৱনৰ অভিভাৱকস্বৰূপ হোমেন বৰগোহাঞিৰ। নৱগ্ৰহ শ্মশানত হোমেন বৰগোহাঞিলৈ শেষ শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'অসমীয়া সমাজে আজি এগৰাকী এজন অভিভাৱক হেৰুৱালে। অসমীয়া জাতীয় জীৱনত কাৰো সৈতে তুলনা কৰিব নোৱাৰা এখন আসন তেখেতে দখল কৰি লৈছিল। মানুহৰ হৃদয়ত তেখেতে স্থান লৈছিল। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ, দুখীয়া দৰিদ্ৰজনৰ জীৱনৰ সৈতে নিজকে খাপ খোৱাই, তেওঁলোকৰ জীৱনৰ কাহিনী সমাজৰ আগত দাঙি ধৰিছিল। তেওঁ এৰি থৈ যোৱা স্থান আমি কেতিয়াও পূৰণ কৰিব নোৱাৰো। তেওঁৰ সৃষ্টি ৰাজি সদায় আমাৰ মাজত অমৰ হৈ ৰ'ব।'
হোমেন বৰগোহাঞিৰ সৈতে থকা বহু স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শৰ্মাই কয় যে, 'মই কামৰূপ একাডেমীত পঢ়ি থকাৰ পৰা অসমৰ মন্ত্ৰী হোৱালৈকে মোৰ এই ৰাজনীতিক পৰিক্ৰমা বৰগোহাঞি চাৰৰ চকুৰ সন্মুখত হৈছিল। কেতিয়াবা সন্মুখত বঢ়োৱাই লৈ তিক্ষ্ন ভাবে মোক সমালোচনা কৰিছিল। কেতিয়া পথশ্ৰুত হোৱাৰ আগজাননী পালে, কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে পৰামৰ্শ দিছিল। কেতিয়াবা মোক চিঠিও দিছিল চাৰে। আৰু চিঠি দিয়াৰ কাৰণ সুধিলে চাৰে কৈছিল, চিঠিৰ কথাই তোমাৰ মনত দীঘলীয়াকৈ সাঁচ পেলাব। মুখামুখিকৈ ক'লে হয়টো উঠি যোৱাৰ পিছতে পাহৰি যাবা, কিন্তু চিঠিখনে মনত ক্ৰিয়া কৰিব। সন্মুখত বহুৱাই সমালোচনা কৰিব পৰা সাহস চাৰৰ আছিল। ব্যক্তিগত ভাবে সঁচা অৰ্থত এগৰাকী পিতৃ পুৰুষ হেৰুৱালো। সমাজখনে উজ্জ্বল জ্যোতিষ্ক হেৰুৱালে।'
বুধবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰা হোমেন বৰগোহাঞিৰ জন্ম হৈছিল লখিমপুুৰৰ ঢকুৱাখনাত।পঞ্চাছৰ দশকৰ পৰাই গল্প, কবিতা, উপন্যাস, প্ৰবন্ধৰে অসমীয়া সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছিল সাহিত্যিকগৰাকীয়ে। চাকৰি এৰি তেওঁ খোজ দিছিল সংবাদ জগততো।
হোমেন বৰগোহাঞিয়ে কেইবাখনো উপন্যাসেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। সেই কেইখন হ'ল- সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ, পিতা-পুত্ৰ, দুখন ৰাজনৈতিক উপন্যাস: কুশীলৱ, তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালা, মৎস্যগন্ধা আৰু তান্ত্ৰিক। তেখেতে লিখা এখন কবিতা পুথি হৈছে হৈমন্তী।
তেখেতৰ কেইবাখনো প্ৰবন্ধ সংকলনৰ অন্যতম- প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকবহী, উচ্চাকাংক্ষা, আশীৰ দশকৰ দস্তবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, মানুহ হোৱাৰ গৌৰৱ, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, শৰীৰ আৰু হৃদয়, সাৰাংশ, জিজ্ঞাসা।
১৯৭৮ চনত
পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয় বৰেণ্য সাহিত্যিকগৰাকী। তেখেতে ইয়াৰ উপৰিও অসম উপত্যাকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। ২০০১ আৰু ২০০২ চনত অসম সাহিত্য সভাৰ ডিব্ৰুগড় আৰু কলগাছিয়া অধিৱেশনৰ সভাপতি আসন শুৱনি কৰিছিল হোমেন বৰগোহাঞিয়ে। সংবাদ জগতৰ সৈতে নিবিড় সম্পৰ্ক থকা বৰগোহাঞিয়ে কেইবাখনো বাতৰি কাকতৰ সৈতেও জড়িত আছিল। সঁচাকৈয়ে বৰগোহাঞিৰ মৃত্যু অসমৰ সাহিত্য, সংবাদ, সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 12, 2021, 17:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।