• Home
  • »
  • News
  • »
  • assam
  • »
  • নামঘৰ, মন্দিৰ, মছজিদ আৰু গীৰ্জাত অন্তিম দৰ্শন, মৃত্যুৰ পিছতো সম্প্ৰীতিৰ বাৰ্তা দি থৈ গ'ল তৰুণ গগৈয়ে

নামঘৰ, মন্দিৰ, মছজিদ আৰু গীৰ্জাত অন্তিম দৰ্শন, মৃত্যুৰ পিছতো সম্প্ৰীতিৰ বাৰ্তা দি থৈ গ'ল তৰুণ গগৈয়ে

আজি সম্পন্ন হ’ল দীৰ্ঘসময় অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য।

আজি সম্পন্ন হ’ল দীৰ্ঘসময় অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য।

আজি সম্পন্ন হ’ল দীৰ্ঘসময় অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য।

  • Share this:
আজি সম্পন্ন হ’ল দীৰ্ঘসময় অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য। সম্পূৰ্ণ ৰাজনৈতিক জীৱনত ধৰ্মনিৰপেক্ষতাৰ কথা কৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সম দৃষ্টিৰে চাইছিল জাতি, বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোককে। আৰু মৃত্যুৰ পিছতো যেন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু দি থৈ হ’ল সম্প্ৰীতিৰ এক অনন্য বাৰ্তা।

বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ ৰুক্মিণী গাঁৱৰ গীৰ্জা, জু ৰোডৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, গুৱাহাটী ক্লাৱৰ বুঢ়া জামে মহজিদ, শুক্লেশ্বৰ মন্দিৰ আৰু উগ্ৰতাৰা মন্দিৰলৈ শোভাযাত্ৰা কৰি লৈ যোৱা হৈছিল। এয়া আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জীৱনৰ অন্তিম ইচ্ছা। জীৱিত কালতে পুত্ৰ গৌৰৱ গগৈক কৈছিল মৃত্যুৰ পিছত সকলো ধৰ্মৰ উপাসনাস্থলীলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক লৈ যাবলৈ। আৰু এতিয়া মৃত্যুৰ পিছত পিতৃৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ পুত্ৰই আখৰে আখৰে পালন কৰিলে এই কথা।
Published by:Himangshu Bhuyan
First published: