ৰাজ্য কপোৱা বুঢ়া আৰক্ষী চকী কাণ্ডৰ তদন্তৰ প্ৰতিবেদন দাখিল,আৰক্ষীৰ অত্যাচাৰত গৰ্ভপাত হোৱা নাছিল মহিলাৰ!

৯ ছেপ্টেম্বত বুঢ়া আৰক্ষী চকীত সংঘটিত হৈছিল ৰাজ্য কপোৱা যুৱতীক শাৰীৰিক নিৰ্যাতনৰ ঘটনা

News18-Assam
Updated:October 10, 2019, 7:37 PM IST
ৰাজ্য কপোৱা বুঢ়া আৰক্ষী চকী কাণ্ডৰ তদন্তৰ প্ৰতিবেদন দাখিল,আৰক্ষীৰ অত্যাচাৰত গৰ্ভপাত হোৱা নাছিল মহিলাৰ!
৯ ছেপ্টেম্বত বুঢ়া আৰক্ষী চকীত সংঘটিত হৈছিল ৰাজ্য কপোৱা যুৱতীক শাৰীৰিক নিৰ্যাতনৰ ঘটনা
News18-Assam
Updated: October 10, 2019, 7:37 PM IST
প্ৰায় ২২ দিনীয়া তদন্তৰ অন্তত মধ্য পশ্চিম মণ্ডলৰ ডিআইজি ব্ৰজেনজিৎ সিংহই আৰক্ষী মূখ্য কাৰ্যালয়ত দাখিল কৰিলে ২৪৭ পৃষ্ঠাৰ প্ৰতিবেদন ৷ বুঢ়া আৰক্ষী চকীত ৯ ছেপ্টেম্বৰ সংঘটিত হৈছিল ৰাজ্য কপোৱা আৰক্ষীৰ বৰ্বৰ অত্যাচাৰৰ ঘটনা ৷ তাৰ পিছতে ১৮ ছেপ্টেম্বৰত DIG CWR ব্ৰজেনজিৎ সিংহক তদন্তৰ দায়িত্ব দিয়া হৈছিল ৷ তদন্তত ৩৭ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল ৷ উল্লেখযোগ্য যে,  বুঢ়া আৰক্ষী থানাৰ ভিতৰত প্ৰহাৰ কৰা হৈছিল তিনি মহিলাক ৷ কনিষ্টবল বিনিতা বড়োৱে IC মহেন্দ্ৰ শৰ্মাৰ নিৰ্দেশত আইন বহিঃভূত ভাবে প্ৰহাৰ কৰিছিল তিনি গৰাকী মহিলাক।

বিনা ইউনিফৰ্মৰে সূয্য উদয়ৰ পূৰ্বে আটক কৰা হৈছিল তিনিগৰাকী মহিলাক ৷ প্ৰায় ২৪৭ পৃ্ষ্ঠাৰ প্ৰতিবেদনত উন্মোচিত হৈছে নতুন নতুন ৰহস্য। আৰক্ষীৰ অত্যাচাৰত গৰ্ভপাত হোৱা নাছিল মহিলাৰ। চিকিৎসকে প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ সময়ত গৰ্ভৱতী হোৱাৰ কথা কোৱা নাছিল মহিলাগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত চিকিৎসকৰ প্ৰতিবেদনত উল্লেখ আছিল, যি গৰাকী মহিলাৰ গৰ্ভপাত হৈছে বুলি দাবী কৰা হৈছিল সেই গৰাকী গৰ্ভৱতী নহয় ৷ কিন্তু তদন্তত পাইছে IC মহেন্দ্ৰ শৰ্মাই সমগ্ৰ বিষয়ত আইনৰ নিয়ম নমানাকৈ কৰিছিল ৷ য’ত সূৰ্য্য উদয়ৰ পূৰ্বে মহিলাক ঘৰৰ ভিতৰৰ পৰা আটক কৰাকে ধৰি আৰক্ষী চকীৰ ভিতৰত কনিষ্টবলৰ হতোৱাই প্ৰহাৰ কৰা ৷ যাৰ বাবে প্ৰতিবেদনত দুয়োগৰাকীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থাৰ লগতে অপৰাধীক তদন্ত কৰাৰ পৰামৰ্শ দিছে DIG CWR ব্ৰজেনজিৎ সিংহই।

কি আছিল ঘটনাটো–

দৰঙৰ বুঢ়া আৰক্ষী চকীত সংঘটিত জঘন্য ঘটনাৰ আৰম্ভণি ক’ত?
আৰু চাওক পৰৱৰ্তী বাতৰি