নগাঁৱত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ। বিশেষকৈ এইডছৰ হটস্পটত পৰিণত হৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ। বিগত ছেপ্টেম্বৰ মাহতে নগাঁৱত ৭২জন কয়দী আক্ৰান্ত হৈছে HIV ভাইৰাছত।
জানিব পৰা মতে, আক্ৰান্তসকলৰ মাজৰ ৬২জনেই চিৰিঞ্জেৰে ড্ৰাগছ ব্যৱহাৰ কৰাৰ ফলতেই এই ভাইৰাছত আক্ৰান্ত হৈছে। বিশেষকৈ ২০১৪ বৰ্ষৰ পিছৰ পৰা নগাঁৱত ড্ৰাগছ আসক্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে। ইয়াৰ পিছৰে পৰা নগাঁৱত বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা।
বৰ্তমান নগাঁৱত ব্যাপক হাৰত এইডছত আক্ৰান্তৰ হাৰ বৃদ্ধিৰ খবৰে আতংকিত কৰি তুলিছে নগাঁৱৰ ৰাইজক। আনহাতে এই মাহতো বৰ্তমানলৈকে ১০গৰাকী কয়দীৰ দেহত ধৰা পৰিছে HIV পজিটিভ। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰক্ত পৰীক্ষা কৰিবলৈ অহা ১০ কয়দীৰ দেহত পুনৰ ধৰা পৰিছে HIVৰ উপস্থিতি।
দিনকদিনে ব্যাপক হাৰত এইডছ ৰোগীৰ আক্ৰান্তৰ হাৰে পুনৰ প্ৰমাণ কৰিছে ড্ৰাগছৰ অবাধ প্ৰচলনে কিদৰে নগাঁৱৰ যুৱপ্ৰজন্মক ক্ষতিগ্ৰস্ত কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|