যোৰহাটৰ চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ ৰায়দান : সৰ্বাধিক লোক দোষী সাব্যস্ত হোৱা গোচৰ হিচাবে অভিলেখ গঢ়িছে এই গোচৰ

News18 Assam | News18-Assam
Updated:October 13, 2020, 11:15 AM IST
যোৰহাটৰ চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ ৰায়দান : সৰ্বাধিক লোক দোষী সাব্যস্ত হোৱা গোচৰ হিচাবে অভিলেখ গঢ়িছে এই গোচৰ
সোমবাৰে আদালতে দোষীৰ শাস্তি নিৰ্ধাৰণ কৰিব।

সোমবাৰে আদালতে দোষীৰ শাস্তি নিৰ্ধাৰণ কৰিব।

  • Share this:
ঘটনা সংঘটিত হোৱাৰ ১৩ মাহ ১১ দিনৰ পিছত সোমবাৰে আদালতে চূড়ান্ত ৰায়দান দিয়ে দেশ কপোৱা টীয়কৰ চিকিৎসক ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ গোচৰৰ । সমগ্ৰ দেশৰ ভিতৰতে অতিকৈ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে এই গোচৰৰ ৰায়দান য'ত সৰ্বাধিক অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে ।

সোমবাৰে যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ বাহিৰত বহু লোক উৎকন্ঠাৰে বাট চাই ৰৈছিল । কাৰণ বিগত দুটা তাৰিখত ৰায়দান পিছুৱাই দিয়াৰ পিছত দেশ কপোৱা টীয়কৰ চিকিৎসক ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দানৰ দিন আছিল সোমবাৰে । আৰু অৱশেষত যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে প্ৰদান কৰে এই গোচৰৰ চূড়ান্ত ৰায়দান ।

৩১ গৰাকী জীৱিত অভিযুক্তৰ ২৫ জন অভিযুক্তক দোষী সাব্যস্ত কৰে যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে । ৬ জন অভিযুক্তক দোষমুক্ত ঘোষণা আদালতৰ । হৰি মাঝি নামৰ অভিযুক্তগৰাকীৰ কিছুদিন পূৰ্বে জেলৰ ভিতৰতে মৃত্যু হৈছিল । অহা ১৯ অক্টোবৰত দোষীৰ শাস্তি ঘোষণা কৰিব আদালতে ।

২০১৯ চনৰ ৩১ আগষ্টত সংঘটিত এই ঘটনাৰ ২২ দিনৰ পিছতে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে ৩২ জন অভিযুক্তৰ বিৰুদ্ধে ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল । আৰক্ষীয়ে ৬০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল । এই গোচৰৰ চৰকাৰী পক্ষৰ অধিবক্তা আছিল দূৰ্গাপ্ৰসাদ জয়ছৱাল । এই গোচৰৰ অভিযুক্তসকলৰ অধিবক্তাই আদালতত ৮০২ পৃষ্ঠাৰ লিখিত যুক্তি আগবঢ়াইছিল । চৰকাৰী পক্ষৰ অধিবক্তাই ৯৪ পৃষ্ঠাৰ লিখিত যুক্তি আগবঢ়াইছিল ।

এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া তথা গোচৰৰ ৰায়দান সমগ্ৰ দেশৰ ভিতৰতে উল্লেখনীয় হৈ থাকিব । সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা এই গোচৰৰ তদন্ত কৰিছিল পূব মণ্ডলৰ ডি আই জি জি ভি শিৱ প্ৰসাদ , তদানীন্তন যোৰহাটৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ , অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল আৰু সেই সময়ৰ টীয়কৰ অ চি দীপাংকৰ গগৈক লৈ গঠিত এটি বিশেষ তদন্তকাৰী গোটে । এই গোচৰত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল witness protection scheme । ইয়াৰ জৰিয়তে আদালতত সাক্ষ্য প্ৰদান কৰা লোকসকলৰ পৰিচয় গোপনে ৰখা হৈছিল । যাতে ভৱিষ্যতে কোনেও সাক্ষীসকলক প্ৰভাৱিত কৰিব নোৱাৰে । আনহাতে এই জঘন্য ঘটনাৰ তদন্ত অতি কম দিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হৈছিল ।

আৰক্ষীয়ে মাত্ৰ ২২ দিনৰ ভিতৰতে আদালতত এই ঘটনাৰ ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল । আনহাতে অভিযুক্তসকলৰ বিৰুদ্ধে সম্ভৱপৰ সকলোধৰণৰ তথ্য সঙগ্ৰহ কৰিছিল আৰক্ষীয়ে । ফৰেনচিক পৰীক্ষাত বহু গুৰুত্ব প্ৰদান কৰিছিল তদন্তকাৰী দলটোৱে । শেহতীয়াকৈ এই গোচৰৰ ৰায়দানেও আন এক অভিলেখৰ সৃষ্টি কৰিছে । এটা অপৰাধজনীত গোচৰৰ ক্ষেত্ৰত অসম তথা দেশৰ ভিতৰতে এই গোচৰ সৰ্বাধিক অভিযুক্ত দোষী সাব্যস্ত হোৱা গোচৰ ৰূপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে পূব মণ্ডলৰ উপ আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ।

" আমি এই গোচৰৰ তদন্তৰ ক্ষেত্ৰত দিনে-নিশাই কাম কৰিছিলো । ১০-১২ দিনৰ ভিতৰতে তদন্ত সম্পূৰ্ণ হৈছিল । বাকীখিনি সময় লাগিছিল ফৰেনচিক পৰীক্ষাৰ ফলাফলসমূহ আহোতে । সাক্ষীৰ পৰিচয় গোপনে ৰখা প্ৰক্ৰিয়া এই গোচৰতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল । ই আমাক বহুত সহায় কৰিলে । এটা গোচৰৰ ক্ষেত্ৰত ইমান বেছি অভিযুক্তক আদালতে শাস্তি প্ৰদান কৰাৰ ঘটনা হিচাপে এই গোচৰ দেশৰ ভিতৰতে শীৰ্ষ স্থানত থকাৰ পূৰ্ণ সম্ভাৱনা আছে ।" , পূব মণ্ডলৰ ডি আই জি জি ভি শিৱ প্ৰসাদে এনেদৰে কয় ।

আদালতৰ ৰায়দানৰ পিছত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰয়াত চিকিৎসক দেবেন দত্তৰ পৰিয়ালে । এই সময়চোৱাত তেওলোকলৈ সহায় আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে পৰিয়ালটিয়ে । আনহাতে চিকিৎসকগৰাকীৰ কণ্যাই গণ প্ৰহাৰৰ ঘটনাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰনয়ণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । যোৰহাটৰ এই গোচৰৰ ৰায়দান আন বহুতৰে বাবে দৃষ্টান্ত হৈ ৰব বুলি সকলোৰে মাজত চৰ্চা চলিছে । বৰ্তমান সকলোৱে অপেক্ষা কৰিছে অহা সোমবাৰলৈ যত আদালতে দোষী লোকসকলৰ শাস্তি ঘোষণা কৰিব ।
First published: October 13, 2020, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading