বিজনীত বিয়া পাতিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল দৰা ৷ কইনা নিবলৈ আহি আৰক্ষী থানাত সোমাবলগীয়া হ’ল দৰাসহ সাতজন লোক । সামাজিক ব্যাধি বাল্য বিবাহ কৰিবলৈ আহি এই অৱস্থা দৰাঘৰীয়াৰ।
চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত বেদলাংখাইটিত সংঘটিত হৈছে এই ঘটনা। বঙাইগাঁও জিলাৰ অভয়াপুৰিী থানাৰ অন্তৰ্গত গণবিন্নাৰ আফছেৰ আলীৰ পুত্ৰ ছহিদুল ইছলামে বেদলাংখাইটিৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিবাহ কৰাবলৈ আহিছিল।
ঘটনাটো বৃহস্পতিবাৰে নিশাৰ। বিবাহকাৰ্য চলি থকা সময়ত পাণবাৰী থানাৰ উপ আৰক্ষী বিষয়া সনাউল্লাহ শ্বেখৰ নেতৃত্বত এবিএমছু আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত অতৰ্কিতে অভিযান চলাই বিবাহ ভংগ কৰাৰ লগতে দৰা ছহিদুল ইছলাম, দৰাৰ পিতৃ আফছেৰ আলী (৬০), ৰফিকুল ইছলাম (৩৫),আজিজুল হক (২৫),ৰাজ আলী (৪০) আহেৰ আলী (৫৫) আৰু বাছেৰ আলীক (৬৫) গ্ৰেপ্তাৰ কৰে যদিও আন বহুতে পলায়ন কৰে (Groom Arrested at Bijni )।
এই সংক্ৰান্তত পাণবাৰী থানাৰ আৰক্ষীয়ে ৫২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে আটাইকেইজনক। বাল্য বিবাহ সংক্ৰান্তত সততে সক্ৰিয় ভূমিকা পালন কৰি অহা এবিএমছুৱে ধৃত লোককেইজনক উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰাৰ লগতে অনাগত দিনত বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ ভূমিকা পালন কৰি যাব বুলি মন্তব্য কৰে।
উল্লেখ্য দৰা ছহিদুল ইছলামে ইতিমধ্যে চাৰিবাৰ বিবাহ পাশত আবদ্ধ হৈছে আৰু এয়া পঞ্চম বিবাহৰ বাবে প্ৰস্তুতি চলাওঁতে ৰঙাঘৰৰ আলহী হ'বলগীয়া হয় দৰাসহ দৰাঘৰীয়াৰ আন ছয়জন। কইনাক দিবলৈ অনা যৌতুকেৰে থানা চৌহদ ভৰি পৰা পৰিলক্ষিত হয় ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|