যোৰহাটৰ পতিয়া ফকলাত জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা ফকলা পথাৰ পানী যোগান আঁচনিখনৰ শনিবাৰে শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। এই আঁচনিখনৰ যোগেদি ব্ৰহ্মপুত্ৰ নদীৰ পানী পৰিশোধন কৰি ফকলা পথাৰ, চাৰিগাঁও , ৰংদৈ আৰু বাঘমৰা অঞ্চলৰ বৃহত্তৰ এলেকাত খোৱাপানী যোগান ধৰা হ'ব। আনহাতে এই প্ৰকল্পটোৰ কাষতে ইতিমধ্যে ৯৩ শতাংশ কাম সম্পূৰ্ণ হৈ থকা প্ৰায় তিনিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গ্ৰেটাৰ যোৰহাট পানী যোগান প্ৰকল্পৰ কাম অহা ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।
এই বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাসকলক আৰ্চেনিকমুক্ত পানী যোগান ধৰাৰ উদ্দেশ্যে ২০১৪ চনতে ফকলা পথাৰ পানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। ৫ হাজাৰ পৰিয়ালক আৰ্ছেনিকমুক্ত পানী যোগান ধৰাৰ বাবে স্থাপন কৰা এই প্ৰকল্পটোৰ প্ৰথম অৱস্থাত নিৰ্মাণ ব্যয় ১৮ কোটি ২৩ লাখ টকা ধাৰ্য কৰা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত প্ৰকল্পটো অত্যাধুনিক কৰি তুলিবলৈ আৰু ৩ কোটিৰো অধিক টকা চৰকাৰে মুকলি কৰি দিয়ে।
আনহাতে এই আঁচনিখনে সামৰি নোলোৱা অতিৰিক্ত ৬২৫টা পৰিয়ালকো পিছত আঁচনিখনৰ অধীনলৈ অনাত অতিৰিক্তভাৱে ২ কোটি ৩৫ লাখ টকাৰ অনুমোদন জনাইছে চৰকাৰে। শনিবাৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আনুষ্ঠানিকভাৱে প্ৰকল্পটো মুকলি কৰাত বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাসকলে আৰ্চেনিক মুক্ত পানী লাভ কৰাটো নিশ্চিত হয়।
আনহাতে এই প্ৰকল্পটোৰ সমীপতে নিৰ্মাণ কৰা গ্ৰেটাৰ যোৰহাট পানী যোগান প্ৰকল্পৰ কাম লেহেমীয়া হৈ থকা বাবে আজিও সম্পূৰ্ণ হৈ উঠা নাই। এই প্ৰকল্পটোৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাত গুৰুত্ব প্ৰদান কৰিছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। ইতিমধ্যে প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিষয়াসকলক টলব কৰিছে মন্ত্ৰীগৰাকীয়ে।
শনিবাৰে এই প্ৰকল্পস্থলীতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক লগত লৈ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে অহা ৩১ জানুৱাৰীৰ ভিতৰত এই প্ৰকল্পৰ বাকী থকা প্ৰায় ৭ শতাংশ কাম সম্পূৰ্ণ কৰি প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰিব পৰা কৰি তুলিবলৈ সকলকে লক্ষ্য বান্ধি দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমণ্ডলৰ অধীনত থকা গ্ৰেটাৰ যোৰহাট পানী যোগান প্ৰকল্পই যোৰহাট সমষ্টিৰ ১৩খন পঞ্চায়তৰ লগতে দেৰগাঁও , মৰিয়নি আৰু টীয়ক সমষ্টিৰ ২০খন পঞ্চায়ত সামৰি মুঠ ৩৩খন পঞ্চায়তৰ পৰিয়ালসমূহলৈ ব্ৰহ্মপুত্ৰৰ পৰা পৰিশোধন কৰা পানী যোগান ধৰা হ'ব। এই প্ৰকল্পই প্ৰায় ৬০ হাজাৰ পৰিয়াল সামৰি ল'ব।
আনহাতে মন্ত্ৰীগৰাকীয়ে অহা ২০২৪ চনৰ ভিতৰত অসমত প্ৰায় ৬৩ লাখ পৰিয়াললৈ পানী যোগান দিয়া হ'ব বুলি জানিবলৈ দি কয় যে বৰ্তমান অসমৰ প্ৰায় ২৫ লাখ পৰিয়াললৈ নতুনকৈ পানী যোগান ধৰিব পৰা হৈছে । সমগ্ৰ অসমত পানী যোগান আঁচনিৰ প্ৰায় ৩৮ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
"আমাৰ কামখিনি সুন্দৰকৈ আগবাঢ়ি গৈছে । প্ৰতি মাহে আমি এটা লক্ষ্য বান্ধি কাম কৰি গৈছোঁ। মোৰ আশা আছে যে ২০২৪ চনৰ ভিতৰত আমি অসমৰ ৬৩ লাখ পৰিয়াললৈ পানী যোগান ধৰিব পাৰিম।" –জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আৰু এনেদৰে কয়।
শনিবাৰে যোৰহাটত ফকলা পথাৰ পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰা অনুষ্ঠানত সাংসদদ্বয় তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, যোৰহাট আৰু মৰিয়নি সমষ্টিৰ বিধায়কদ্বয় হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, যোৰহাটৰ উপায়ুক্তকে ধৰি বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|