আজিৰে পৰা আৰম্ভ হোৱা বিদ্যালয়ৰ গুণোৎসৱ অহা ১৪ মে'ত অন্ত পৰিব ৷
আজিৰে পৰা আৰম্ভ হোৱা বিদ্যালয়ৰ গুণোৎসৱ অহা ১৪ মে'ত অন্ত পৰিব ৷
ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰং জিলাৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা গুণোৎসৱ ২০২২ৰ শুভাৰম্ভ কৰে।
ৰাজ্যৰ ১১খন জিলাৰ লগতে চৰাইদেউ জিলাতো আজিৰে পৰা অনুষ্ঠিত হৈছে বিদ্যালয়সমূহৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা গুণোৎসৱৰ আজি প্ৰথম পৰ্যায়ত চৰাইদেউ জিলাৰ মুঠ ৭৮২খন বিদ্যালয়ৰ ৫৮৫৯০ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি অনুষ্ঠিত হৈছে ।
জিলাখনৰ আন আন বিদ্যালয়ৰ লগতে ১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়তো শিক্ষক–শিক্ষয়িত্ৰীসকল ব্যস্ত হৈ পৰিছে ছাত্ৰ–ছাত্ৰীসকলৰ মূল্যাংকনত ৷ ক'ভিড পৰিস্থিতিৰ পিছত বিদ্যালয়সমূহৰ নিয়মীয়াকৈ পাঠদান চলি থকাৰ মাজতে আজিৰে পৰা আৰম্ভ হোৱা বিদ্যালয়ৰ গুণোৎসৱ অহা ১৪ মে'ত অন্ত পৰিব ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|