অৱশেষত অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদে ন্যাৰ্যতা পালে। অসম বিধান সভাৰ অনুমোদন মৰ্মে যোৰহাটত স্থাপন হোৱা অসম মহিলা বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তিৰ কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জানিব পৰা মতে আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাধ্যাপক, বাণিজ্য আৰু ব্যৱস্থাপনা বিভাগৰ প্ৰাক্তন গুৰু ডঃ অজন্তা বৰগোহাঞি ৰাজকোঁৱৰক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় "অসম মহিলা বিশ্ববিদ্যালয়' (Assam Women's University)ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "মহিলা বিশ্ববিদ্যালয়ৰ কাৰণে চৰকাৰে ৫০ কোটি টকা মুকলি কৰিছে আৰু চৌহদ সম্পৰসাৰণৰ বাবে এশ বিঘা মাটি আৱণ্টন দিয়া হ'ব।" উল্লেখ্য যে যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ স্থায়ী উপাচাৰ্য নিযুক্তিকে মুখ্য কৰি বহু কেইটা দাবীক লৈ বিগত সময়ত শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছিল।
ইপিনে হীৰক জয়ন্তীৰ প্ৰাকক্ষণত সুখবৰ দি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (Jorhat Engineering College)ত দুই-তিনি মাহৰ ভিতৰত খালী হৈ থকা ৬০টা শিক্ষক (FACULTY) পদত নিযুক্তি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|