অভিশপ্ত ২৯ আগষ্ট! ৫০ বছৰৰ পূৰ্বে আজিৰ দিনটোতে ৰাজ্যত সংঘটিত হৈছিল এক ভয়ংকৰ বিমান দুৰ্ঘটনা, থিতাতে নিহত হৈছিল ৩৯জন যাত্ৰীৰ

ফটো কেপচন: ২০১৮ চনত দুুর্ঘটনা হোৱা স্থানত বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰাৰ সময়ত সুবিমল ভট্টাচাৰ্য
২৯ আগষ্টৰ দিনটো ভাৰতৰ অসামৰিক বিমান পৰিবহণৰ বাবে এটা ক’লা দিন।
- News18 Assam
- Last Updated: August 29, 2020, 11:18 PM IST
এই সন্দৰ্ভত দিল্লীৰ ‘Cyber Expert’ তথা চিত্ৰ নিৰ্মাতা সুবিমল ভট্টাচাৰ্যই এখন ১০ মিনিটৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। ২০১৮ চনত তেওঁ সহযোগী দীপালয় দে, অৰূপ মজুমদাৰ আৰু জন ফৈতঙৰ সৈতে দুৰ্গম যাত্ৰা অতিক্ৰম কৰি উপস্থিত হৈছিল দুৰ্ঘটনাস্থলীত। তেওঁলোক ডিমা হাচাও জিলাৰ বৰাইল ৰেঞ্জত থকা জিলাখনৰ দ্বিতীয় উচ্চ শিখৰ ‘Kaukah Peak’ পাইছিলগৈ। সেই স্থানত তেওঁলোকে ৫০ বছৰৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ভালেমান ভগ্নাৱশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
আজি ৫০বছৰৰ পিছত সেই ক’লা দিনটোত মৃত্যু হোৱা লোকসকলক শ্ৰদ্ধা জ্ঞাপন কৰে ভট্টাচাৰ্যই। News18ৰে হোৱা বাৰ্তালাপত ভট্টাচাৰ্যই কয় – তেওঁলোকৰ ২০১৮ চনৰ দুৰ্গম যাত্ৰাৰ পৰা বুজিব পৰা গৈছিল উদ্ধাৰ কাৰ্য কিমান জটিল আছিল। সেই সময়ৰ উত্তৰ কাছাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ বৰুৱাই কিছুলোকৰ শৰীৰৰ অৱশিষ্ট উদ্ধাৰ কৰি শিলচৰলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল।