মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Supercars in Arunachal: অৰুণাচলৰ পথত বিলাসী স্প'ৰ্টছ কাৰৰ লানি নিছিগা শাৰী, ছুপাৰকাৰৰ ৰোমাঞ্চকৰ যাত্ৰাই মুহিছে নেটিজেনৰ মন, চাওক ভিডিঅ'

Supercars in Arunachal: অৰুণাচলৰ পথত বিলাসী স্প'ৰ্টছ কাৰৰ লানি নিছিগা শাৰী, ছুপাৰকাৰৰ ৰোমাঞ্চকৰ যাত্ৰাই মুহিছে নেটিজেনৰ মন, চাওক ভিডিঅ'

News18 Assam | News18-Assam
Updated:September 18, 2021, 11:16 PM IST
Supercars in Arunachal: অৰুণাচলৰ পথত বিলাসী স্প'ৰ্টছ কাৰৰ লানি নিছিগা শাৰী, ছুপাৰকাৰৰ ৰোমাঞ্চকৰ যাত্ৰাই মুহিছে নেটিজেনৰ মন, চাওক ভিডিঅ'
ফেৰাৰী, এষ্টন মাৰ্টিন, অডি, পোৰ্চে, লেম্বৰ্ঘিনি, হোণ্ডাৰ বিলাসী স্প'ৰ্টছ বাহনে গমগমাই তুলিছে অৰুণাচৰ পথ।

ফেৰাৰী, এষ্টন মাৰ্টিন, অডি, পোৰ্চে, লেম্বৰ্ঘিনি, হোণ্ডাৰ বিলাসী স্প'ৰ্টছ বাহনে গমগমাই তুলিছে অৰুণাচৰ পথ।

  • News18 Assam
  • Last Updated: September 18, 2021, 11:16 PM IST
  • Share this:

বিলাসী স্প'ৰ্টছ কাৰৰ গমনৰ সুকীয়া শৈলী আছে। অৱশ্যে মহানগৰৰ পথত যান–বাহনৰ ভিৰৰ বাবে ইয়াক দেখা সাধাৰণতে নাযায়। কিন্তু শেহতীয়াকৈ অৰুণাচলৰ পথত প্ৰথমবাৰৰ কাৰণে দেখা হৈছে বিলাসী স্পৰ্টছ কাৰৰ শাৰী।


পাহাৰীয়া ৰাজ্যখনত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰা এই কাৰসমূহৰ ভিডিঅ' এতিয়া দেশজুৰি নেটিজেনৰ মাজত আকৰ্ষণীয়ভাৱে সমাদৰ লাভ কৰিছে। বিলাসী স্প'ৰ্টছ কাৰবোৰে অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলক একপ্ৰকাৰ শিহৰিত কৰি তোলা দেখা গৈছে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে যোৱা ১৬ ছেপ্টেম্বৰত এই বিষয়ে উল্লেখ কৰি প্ৰকাশ কৰিছিল যে অৰুণাচলত পথৰ মানদণ্ড উন্নত কৰাৰ এয়া এক সাক্ষ্য।


 

প্ৰথমবাৰৰ বাবে ছুপাৰ কাৰবোৰে অৰুণাচলত স্পৰ্শ কৰে। অৰুণাচলৰ ৰাস্তাত ১০০০ কিলোমিটাৰ যাত্ৰা কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ ইয়াৰে ভিডিঅ' শ্বেয়াৰ কৰিছিল। খাণ্ডুৱে লিখিছিল, "ই দামৰোহ-মাৰিয়াং ঘাইপথত ঘূৰি অহাৰ লগে লগে দৃশ্যটো অধিক মনোৰম আৰু চমৎকাৰ হৈ পৰে।"


 

তেওঁ ফেচবুক পোষ্টত লিখে, "আমি ক'বলৈ গৌৰৱান্বিত যে অৰুণাচলে নিজকে ছুপাৰ কাৰৰ বাবে সৰ্বশ্ৰেষ্ঠ ড্ৰাইভিং গন্তব্য স্থান হিচাপে আগবঢ়াবলৈ সক্ষম হৈছে।" অৰুণাচলৰ পথ গমগমাই থকা এই স্প'ৰ্টছ কাৰবোৰৰ ভিতৰত আছে ফেৰাৰী, এষ্টন মাৰ্টিন, অডি, পোৰ্চে আৰু লেম্বৰ্ঘিনিকে ধৰি বহুকেইখন ছুপাৰ কাৰ।


এইবোৰ পূব চিয়াং জিলাৰ পাচিঘাটত এটা টাৰ্মাকত ৰখাই থোৱা হৈছিল। এতিয়া ইয়াকে লৈ প্ৰস্তুত কৰা ক্লিপবোৰ ভাইৰেল হোৱাৰ লগে লগে ই অনলাইনত এক বৃহৎ গুঞ্জন সৃষ্টি কৰিছে।

Published by: Gautam Barman
First published: September 18, 2021, 11:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি