মুখ্যপৃষ্ঠা »খবৰ »অসম »হাইকোৰ্টৰ নিৰ্দেশত বৰপেটাৰ পৰা ওভতাই অনা হ'ল আলগাপুৰৰ ইভিএম, মুন স্বৰ্ণকাৰে ন্যায়ালয়ত তৰিছিল গোচৰ

হাইকোৰ্টৰ নিৰ্দেশত বৰপেটাৰ পৰা ওভতাই অনা হ'ল আলগাপুৰৰ ইভিএম, মুন স্বৰ্ণকাৰে ন্যায়ালয়ত তৰিছিল গোচৰ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে তথ্য লুকুৱাৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰজু কৰিছিল বিজেপিৰ পৰাজিত প্ৰাৰ্থীগৰাকীয়ে।

  • Share this:

বৰপেটাৰ পৰা হাইলাকান্দিলৈ ওভতাই অনা হ'ল ইভিএম মেচিন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা গোচৰৰ ভিত্তিত হাইলাকান্দি আহি পালে বিগত বিধানসভা নিৰ্বাচনত আলগাপুৰ সমষ্টিত ব্যৱহৃত EVM আৰু VVPAT । আজি ৰাতিপুৱা বৰপেটা জিলাৰ পৰা হাইলাকান্দি আহি পায় এই ইভিএমবোৰ। পিছত এই ইভিএমসমূহ জিলা ওয়েৰ হাউছত জিলাৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত ছীল কৰি ৰখা হয় ।


উল্লেখ্য, বিগত বিধানসভা নিৰ্বাচনত আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে দাখিল কৰা শপতনামাত ( Affidavit ) ভুল তথ্য দিয়াৰ আৰু তথ্য লুকুৱাৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰজু কৰিছিল আলগাপুৰ সমষ্টিৰ বিজেপি দলৰ পৰাজিত প্ৰাৰ্থী মুন স্বৰ্ণকাৰে। আৰু এই গোচৰৰ ভিত্তিত হাইলাকান্দি জিলা প্ৰশাসনে বৰপেটাৰ পৰা ওভতাই আনিছে ১৪টা ইভিএম, ইয়াৰ ভিতৰত আছে ১৪খন বেলট ইউনিট ( ballot unit ), ৬খন কণ্ট্ৰল ইউনিট ( controll unit ) আৰু ৮টা ভিভিপেট ( VVPAT ) ।


উল্লেখ্য, ২০১৬ চনত প্ৰথমবাৰৰ বাবে হাইলাকান্দি জিলাৰ আলগাপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল নিজাম উদ্দিন চৌধুৰী। আৰু ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হয় ২০২১ চনৰ নিৰ্বাচনত। কিন্তু বিধায়ক লস্কৰে ২০১৬ আৰু ২০২১ত নিৰ্বাচন কমিছনত দাখিল কৰা শপতনামাত দিয়া তথ্যত আছে প্ৰচুৰ অমিল। দুটা শপতনামাত বিধায়কৰ পিতৃৰ নামৰ বানানতো আছে ভিন্নতা ।


ইয়াৰ উপৰি বিধায়ক লস্কৰৰ নামত তিনিটাৰো অধীক অপৰাধজনিত গোচৰ (criminal case) চলি আছে। কিন্তু নিৰ্বাচনৰ শপতনামাত তেওঁ মাত্ৰ এটা গোচৰৰ কথা উল্লেখ কৰিছে । আৰু এই সকলো খেলি-মেলিক প্ৰমাণ স্বৰূপে তুলি ধৰি মুন স্বৰ্ণকাৰে গোচৰ ৰজু কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত।


ন্যায়ালয়ে মুন স্বৰ্ণকাৰে দিয়া গোচৰটো ৪ / ২০২১ ( 4 / 2021 ) নম্বৰত আৰু ভাৰতীয় জনপ্ৰতিনিধি আইন ১৯৫১'ৰ ( The Representation of the People Act, 1951 ) ৮০ নম্বৰ ধাৰাত ( under section 80 ) ৰেজিষ্টাৰ কৰিছে।

শেহতীয়া বাতৰি