உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত নিৰূপণ কৰা হ'ব অসমীয়াৰ সংজ্ঞাঃ মুখ্যমন্ত্ৰী

    অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত নিৰূপণ কৰা হ'ব অসমীয়াৰ সংজ্ঞাঃ মুখ্যমন্ত্ৰী

    অসমীয়াৰ সংজ্ঞাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

    অসমীয়াৰ সংজ্ঞাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

    অসমীয়াৰ সংজ্ঞাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

    • Share this:
    অসমীয়া কোন? অসমীয়াৰ সংজ্ঞা কি? বুধবাৰে অসম বিধানসভাত পুনৰ এই প্ৰসংগত আলোচনা হোৱা দেখিবলৈ পোৱা গ'ল। অসমীয়াৰ সংজ্ঞাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হ'ব বুলি স্পষ্টকৈ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে বাকী সমস্যাবোৰৰ দৰে অগ্ৰাধিকাৰৰ ভিত্তিত অসমীয়াৰো সংজ্ঞা নিৰ্ধাৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ মাজতে বিধানসভাত AIUDFৰ বিধায়ক আমিনুল ইছলামৰ প্ৰশ্ন, অসম চুক্তি অনুসৰি অসমীয়া কোন? বিধায়কগৰাকীৰ প্ৰশ্নত এইবাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উত্তৰ- 'বৰ্তমানলৈ অসমীয়াৰ সংজ্ঞা নিৰূপণ হোৱা নাই।বিগত সময়ত প্ৰচেষ্টা হাতত লোৱাৰ পিছতো সংজ্ঞা নিৰূপণ হোৱা নাই। আছুৰ সৈতে এতিয়াও চৰকাৰে আলোচনা অব্যাহত ৰাখিছে।'

    এইবাৰ এই সন্দৰ্ভত অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য, 'প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈয়ে আলোচনা চলাই প্ৰতিবেদন দিছিল। সেই প্ৰতিবেদনখন চাই যদি মুখ্যমন্ত্ৰীয়ে সংজ্ঞা নিৰূপণ কৰিব পাৰে নেকি?'

    বিধায়কজনৰ প্ৰশ্নত আকৌ মুখ্যমন্ত্ৰীৰ উত্তৰ, 'আবেগিকভাৱে অসমক মা বুলি ভবাসকলেই অসমীয়া। এতিয়া প্ৰশ্ন আহিছে ৬নং দফা মতে অসমীয়াৰ সংজ্ঞা হ'ব লাগে। চনলৈ অসমীয়া নিৰ্ধাৰণ কৰিম নে নৃতাত্বিকভাৱে নিৰ্ধাৰণ কৰিম! আবেগিকভাৱে আমি সকলো অসমীয়া, ইয়াত বিতৰ্ক নাই। কিন্তু ৬নং দফা মতে এতিয়া নিৰ্ধাৰণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।'
    Published by:Himangshu Bhuyan
    First published: