• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Meghalaya Border Firing : অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি, খাচী দুৰ্বৃত্তই জ্বলালে অসমৰ বীট অফিচ

Assam-Meghalaya Border Firing : অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি, খাচী দুৰ্বৃত্তই জ্বলালে অসমৰ বীট অফিচ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মতে, অসম আৰক্ষীয়ে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰত প্ৰৱেশ কৰি এই গুলীচালনা কৰে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মতে, অসম আৰক্ষীয়ে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰত প্ৰৱেশ কৰি এই গুলীচালনা কৰে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মতে, অসম আৰক্ষীয়ে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰত প্ৰৱেশ কৰি এই গুলীচালনা কৰে।

  • Share this:
মঙলবাৰে পুৱতি নিশা অসম-মেঘালয় সীমান্তত কাঠ কঢ়িওৱা এখন ট্ৰাক আৰক্ষীয়ে ৰখাক লৈ সংঘটিত হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে (Assam-Meghalaya Border Firing )।

ঘটনাস্থলীত মৃত্যু হৈছিল চাৰি জনৰ। চিকিৎসালয়লৈ যোৱাৰ পথত আৰু দুজনৰ মৃত্যু হয় বুলি শেহতীয়াকৈ জানিব পৰা গৈছে। এই ঘটনাত এতিয়ালৈকে ৫ খাচী দুৰ্বৃত্ত আৰু অসমৰ এগৰাকী ফৰেষ্ট গাৰ্ডৰ মৃত্যু হৈছে।

মকৈলুম আৰক্ষীয়ে আটক কৰা তিনি দুৰ্বৃত্তক আলোচনাৰ অন্তত গতাই দিয়া হৈছে মেঘালয় প্ৰশাসনক। খেৰণি বন বিভাগৰ নিহত ফৰেষ্ট গাৰ্ড বিদ্যাছিং লেকথেৰ মৃতদেহ এতিয়াও চমজাই দিয়া নাই মেঘালয় প্ৰশাসনে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ গতাই দিয়াৰ আছে সম্ভাৱনা আছে। আনহাতে, মৃত ফৰেষ্ট গাৰ্ডজনৰ থ্ৰী নট থ্ৰী বন্দুক আৰু দহ জাঁই সক্ৰিয় গুলীৰ সম্ভেদ এতিয়াও পোৱা নাই আৰক্ষীয়ে।

পৰিস্থিতি অধিক ভয়াৱহ নহ’বলৈ কৰ্তৃপক্ষই পশ্চিম জয়ন্তীয়া পাহাৰ, পূব জয়ন্তীয়া পাহাৰ, পূব খাচী পাহাৰ, ৰি-ভয়, পূব পশ্চিম খাচি পাহাৰ, পশ্চিম খাচি পাহাৰ, দক্ষিণ পশ্চিম খাচি পাহাৰকে ধৰি একাংশ জিলাত ইণ্টাৰনেট বন্ধ কৰি দিছিল। ইয়াৰ মাজতে খাচী দুৰ্বৃত্তই মক্ৰ বিট অফিচত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে।

ইফালে অসম আৰক্ষীয়ে অসমৰ ৰাইজক মেঘালয়লৈ নাযাবলৈ আহ্বান জনাইছে। খানাপাৰাৰ পৰা মেঘালয়লৈ যাব বিচৰা লোকসকলক ওভতাই পঠিয়াইছে। পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে অসম আৰক্ষীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য, পুৱা প্ৰায় ৩ বজাত অসম বন বিভাগৰ এটা দলে মেঘালয় সীমান্তত ট্ৰাক জব্দ কৰে। ট্ৰাকখনক ৰ'বলৈ নিৰ্দেশ দিয়াৰ পিছতো নোৰোৱাত বন বিভাগৰ লোকে টায়াৰত গুলীচালনা কৰি জব্দ কৰে। কিন্তু ইয়াৰ পিছতে খাচী দুৰ্বৃত্তই আৰক্ষীক আক্ৰমণ কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু ঘটনাত ৬জন লোক মৃত্যুমুখত পৰে।

এই ঘটনা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই উল্লেখ কৰে যে অসম আৰক্ষীয়ে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰত প্ৰৱেশ কৰি এই গুলীচালনা কৰে। তেওঁ মেঘালয়ৰ পাঁচজন লোকৰ হত্যাকাণ্ডৰ ন্যায়ৰ বাবে দাবী জনাইছে। এই ঘটনাৰ বাবে মেঘালয়ৰ চেৰী ব্লাছম ফেষ্টিভেলকে ধৰি ৰাজ্যখনৰ সকলো উৎসৱ স্থগিত ৰখা হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি