বিজনীত কুকুৰৰ অস্বাভাৱিক মৃত্যু ৷ দুটা দিনত এখন গাঁৱত ৯টাতকৈ অধিক পোহনীয়া কুকুৰৰ মৃত্যুৱে গাঁওবাসীক চিন্তিত কৰি তুলিছে ৷ চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী কাৱাটিকাত কুকুৰৰ অস্বাভাৱিক মৃত্যুৱে সচেতন মহলক চিন্তিত কৰি তুলিছে। গাঁওখনত আন একাংশ পোহনীয়া কুকুৰো অসুস্থ হৈ পৰিছে ৷
কোনো দুষ্টচক্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিষাক্ত দ্ৰব্য খুৱাই আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কুকুৰসমূহক হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ মৃত্যু হোৱা কুকুৰৰ একাংশৰ গাত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ থকাৰ বিপৰীতে আন একাংশৰ মুখেৰে ফেন ওলাই থকাৰ ফলত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে।
ঘটনাত স্থানীয় কোনোবা ব্যক্তি দুষ্ট চক্ৰৰ কবলত পৰি এই কাণ্ডত জড়িত হৈ পৰা বুলি সন্দেহ কৰা হৈছে । স্থানীয় একাংশ প্ৰকৃতিপ্ৰেমী লোকে উক্ত কুকুৰ হত্যাৰ লগত জড়িত ব্যক্তিক উচিত শাস্তি বিহিবলৈ অনুৰোধ জনায়। আনহাতে বিজনীৰ SSD foundation নামৰ প্ৰকৃতি প্ৰেমী NGO টোৰ সদস্যসকলে উক্ত অঞ্চলটোত গৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বৰ্তমানেও সেই অঞ্চলটোত অসুস্থ হৈ থকা কুকুৰবোৰৰ চিকিৎসাৰ ব্যৱস্থা কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|