உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Cow Protection Act: গো-সুৰক্ষাৰ বাবে কঠোৰ আইন, জুলাইৰ বাজেট অধিৱেশনতে উত্থাপন কৰিব গো-সুৰক্ষা বিধেয়ক

    Cow Protection Act: গো-সুৰক্ষাৰ বাবে কঠোৰ আইন, জুলাইৰ বাজেট অধিৱেশনতে উত্থাপন কৰিব গো-সুৰক্ষা বিধেয়ক

     ৭ জুলাইৰ কেবিনেট বৈঠকৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনালে পীয়ূষ হাজৰিকাই।

    ৭ জুলাইৰ কেবিনেট বৈঠকৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনালে পীয়ূষ হাজৰিকাই।

    ৭ জুলাইৰ কেবিনেট বৈঠকৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনালে পীয়ূষ হাজৰিকাই।

    • Share this:

     গো-সুৰক্ষাক লৈ কঠোৰ আইন প্ৰণয়নৰ দিশে ৰাজ্য চৰকাৰ ৷ ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনতে গো-সুৰক্ষা আইন আনিব ৰাজ্য চৰকাৰে৷ ইয়াকে লৈ ইতিমধ্যে সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ কেবিনেটে৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ইটোৰ পিছত সিটো কঠোৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম আৰক্ষীক দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হ'বৰ বাবে মিলিত হৈছে বৈঠকতো ৷ ধৰ্ষণ,ড্ৰাগছ,অস্ত্ৰ সৰবৰাহ তথা গৰুৰ চোৰাং বেহা ৰোধৰ বাবে যিকোনো পন্থা অৱলম্বন কৰিবলৈ ফ্ৰী হেণ্ড দিছে আৰক্ষীক ৷


    বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ আদিয়ে দীৰ্ঘদিন ধৰি দাবী কৰি অহা গো-সুৰক্ষা আইন আনিবৰ বাবে এইবাৰ সাজু হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ ৷ বুধবাৰে কেবিনেট বৈঠকত ইয়াকে লৈ গ্ৰহণ কৰিছে সিদ্ধান্ত৷ ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিৱেশনতে উত্থাপিত হ'ব গো-সুৰক্ষা বিধেয়ক৷ ৭ জুলাইৰ কেবিনেট বৈঠকৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনালে পীয়ূষ হাজৰিকাই ৷ উল্লেখ্য যে অসমৰ পৰা বিভিন্ন সময়ত বাংলাদেশলৈ চোৰাংভাৱে যায় গৰু ৷ কেতিয়াবা যদি কলৰ ভূৰত কেতিয়াবা বাঁহৰে ঢেঁকী সাজি পাৰ কৰে গৰু ৷ দৈনিক নহ'লেও ভিন্ন সময়ত চলে গৰুৰ চোৰাং বেহা ৷ পিছে এইবোৰ আৰু এতিয়াৰে পৰা নচলিব ৷ কঠোৰ হ'ব ৰাজ্য চৰকাৰ ৷


    গৰুৰ চোৰাং বেহা চলিবলৈ দি চকু মুদি থকা আৰক্ষী বিষয়াৰ ওপৰতো তীক্ষ্ণ নজৰ থাকিব চৰকাৰৰ৷ অৱশ্যে ৰাজ্য চৰকাৰৰ এই কঠোৰ সিদ্ধান্তই গো-মাংসৰ চাহিদা থকা চুবুৰীয়া ৰাজ্য মেঘালয়কো কৰিব প্ৰভাৱান্বিত৷ ইতিমধ্যে চুবুৰীয়া ৰাজ্য মেঘালয়ত অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক থকা জয়ন্তীয়া, খাচী, গাড়ো পাহাৰত প্ৰচুৰ পৰিমাণে চাহিদা আছে গো মাংসৰ৷ ৰাজ্যখনৰ কিছু সংখ্যকৰ মতে যদিহে অসমে এই কঠোৰ সিদ্ধান্ত লয় ক্ষতিগ্ৰস্ত হ'ব মেঘালয়৷ উল্লেখ্য যে মেঘালয়ৰ দৰে ৰাজ্যই অসমৰ মাজেদিয়েই নিবলগীয়া হয় খাদ্য সম্ভাৰৰ বাবে গৰু ৷

    Published by:Gautam Barman
    First published: