• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaziranga Rhino Survey: কাজিৰঙাৰ গঁড় গণনাত চাৰি দিনত কোনে খালে ১৬.৭৯ লাখ টকাৰ আহাৰ? গণনাৰ বাবদ ব্যয়ত চমক!

Kaziranga Rhino Survey: কাজিৰঙাৰ গঁড় গণনাত চাৰি দিনত কোনে খালে ১৬.৭৯ লাখ টকাৰ আহাৰ? গণনাৰ বাবদ ব্যয়ত চমক!

লগতে খাইছিল ৰোমালি ৰুটী থকা ২৫০ টা পেকেট, যাৰ প্ৰতি পেকেটৰ মূল্য ৮৫০ টকাকৈ।

লগতে খাইছিল ৰোমালি ৰুটী থকা ২৫০ টা পেকেট, যাৰ প্ৰতি পেকেটৰ মূল্য ৮৫০ টকাকৈ।

লগতে খাইছিল ৰোমালি ৰুটী থকা ২৫০ টা পেকেট, যাৰ প্ৰতি পেকেটৰ মূল্য ৮৫০ টকাকৈ।

  • Share this:
কাজিৰঙাৰ গঁড় গণনাত ব্যয় হোৱা ধনৰ পৰিমাণে চকু কপালত তুলিছে সৰ্বসাধাৰণৰ। গঁড় গণনাৰ সময়ত তিনি দিনত চাহ-ভাত খোৱাৰ বাবদ কাজিৰঙা বন বিভাগে খৰচ কৰিলে প্ৰায় ১৭ লাখ টকা। গঁড় গণনাৰ পাছত ফলাফল চমকপ্ৰদ নহ'লেও গণনাৰ বাবদ ব্যয়ত চমক সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই (Kaziranga National Park Authority)।

বিগত মাৰ্চ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈ যোৱা গণনাৰ নামত এক বৃহৎ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অনিয়মৰ কথা পোহৰলৈ আহিছে বোকাখাত RTI কৰ্মী ৰোহিত চৌধুৰীয়ে লাভ কৰা এখন RTI ৰিপোৰ্টত। ৰিপোৰ্টৰ তথ্য অনুসৰি, চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ১৪ সংখ্যক কাজিৰঙাৰ গঁড় গণনাত কাজিৰঙা পূব অসম বন্যপ্ৰাণী প্ৰাধিকাৰী কাৰ্যালয়ে মুঠ খৰচ কৰিলে  ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা।

৭০ জন গাণনিকসহ ১২৫ গৰাকী লোকে চাৰি দিনত খাদ্যৰ নামত ব্যয় কৰিলে ১৬.৭৯ লাখ টকা। জিপচী ভাড়াৰ নামত ব্যয় ৫ লাখ ৫৬ হাজাৰ, নৈশ যাপনৰ নামত ব্যয় ৩ লাখ ৬৫ হাজাৰ ৩১০ টকা, সামগ্ৰী ক্ৰয়ৰ নামত ২ লাখ ৪৮ হাজাৰ ৮৫০ টকা, গণনাকাৰীৰ মাননিৰ নামত ব্যয় ২ লাখ টকা আৰু প্ৰিণ্টিঙৰ নামত ব্যয় ৩৭ হাজাৰ ৩৮০ টকা।

কাজিৰঙাৰ (Kaziranga National Park) এশিঙীয়া গঁড়ৰ গণনাৰ নামত বন বিভাগে এক বৃহৎ জালিয়াতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে  জীপাল কৃষক শ্ৰমিক সংঘই ৷ সংগঠনটোৰ অভিযোগ, বন বিভাগে খাদ্যৰ নামত ব্যয়ৰ ধনত বৃহৎ জালিয়াতি কৰাৰ লগতে জিপচী ভাড়াৰ ক্ষেত্ৰতো জালিয়াতি কৰিছে। চাৰি দিনত গঁড় গণনাৰ নামত ৩০.৮৬ লাখ টকা ব্যয়ক লৈ ৰাজ্যৰ বনমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এক তদন্ত ঘোষণা কৰিবলৈ দাবী জনায় সংগঠনটোৱে।

আনহাতে, আচৰিত হ'বলগীয়া কথাটো হ'ল যে গণনাৰ তৃতীয় দিনা অৰ্থাৎ ২৭ মাৰ্চ ২০২২ তাৰিখে ১২৫জন লোকে খোৱা খাদ্যৰ তালিকাখনত থকা ব্যঞ্জনসমূহ। ২৭ মাৰ্চৰ নিশা অহাৰত ১২৫ জন লোকে খালে  চিকেন, মাটন, মাছ, ভাত, দাইল, পনীৰ নান আৰু ৰোমালি ৰুটি থকা ২৫০ টা পেকেট, যাৰ প্ৰতি পেকেটৰ মূল্য ৮৫০ টকাকৈ।

সেই একে নিশাই একে ১২৫ জন লোকে খালে ২০০ টকীয়া মূল্যৰ ২০০ প্লেট কাৰ্বি জনজাতীয় অহাৰ। লগতে খালে ৩০০ পেকেট ice cream, ৬০০ বটল পানী ৫০০ কেজি তৰমুজ আৰু চুপাৰি। ২৭ মাৰ্চৰ নিশা  ১২৫ জন গঁড় গণনাকাৰী আৰু পৰ্যবেক্ষকক ২.৮৭ টকা ব্যয় কৰি  এই পাৰ্টি দিছিল বন বিভাগে।

উল্লেখ যে বিগত মাৰ্চ মাহৰ ২৫ তাৰিখৰ পৰা ২৮ পৰ্যন্ত চলিছিল গঁড় গণনা। সুদীৰ্ঘ চাৰি বছৰৰ পাছত শেহতীয়াকৈ হোৱা গণনাত ২,৬১৩টা গঁড়ৰ উপস্থিতি পোৱা গৈছিল Kaziranga Rhino Survey । কিন্তু এই গঁড় জৰীপৰ নামত কাজিৰঙা কতৃৰ্পক্ষই ব্যয় কৰা ধনৰ পৰিমাণেহে সচেতন নাগৰিকৰ লগতে দল-সংগঠনৰ চকু কপালত তুলিছে৷

প্ৰকৃতিপ্ৰেমী তথা আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে কৰা  আৰ টি আইৰ উত্তৰত বন বিভাগে যোগান ধৰিছে এই তথ্য। গঁড় গণনাত পূৰ্বৰ তুলনাত ২০০ গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে গণনাত ব্যয় হোৱা ধনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।
Published by:Gautam Barman
First published: