
যুৱকজন হোম কোৱাৰেণ্টাইনত নাথাকি বিভিন্ন গাঁও ঘূৰি ফুৰিছিল।
যুৱকজন হোম কোৱাৰেণ্টাইনত নাথাকি বিভিন্ন গাঁও ঘূৰি ফুৰিছিল।
দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং আৰিমাৰী গাঁৱৰ নিবাসী আমিৰুল ইছলামৰ দেহত কোভিড-১৯়ৰ উপস্থিতি ধৰা পৰাৰ পিছত দৰং জিলা প্ৰশাসনে কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ লগে লগে আমিৰুল ইছলামৰ গাঁওখনৰ উত্তৰে কাছমাৰী চাপৰি আৰু ইছলামপুৰ গাঁৱৰ পৰা দক্ষিণে ৩নং আৰিমাৰী গাঁও তথা পূবে ৩নং শ্যামপুৰ আৰু ১নং শ্যামপুৰ গাঁৱৰ পৰা পশ্চিমে ২নং আৰিমাৰী আৰু ৪ৃনং আৰিমাৰী গাঁও জোৰা এক বিস্তৃত এলেকা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে।
দেহত COVID-19 পজিটিভ লৈ সৰুসজাই পৰা পলায়ন কৰা যুৱকজনৰ গাঁওখনৰ চাৰিওদিশৰ গাঁও ছীল কৰিলে প্ৰশাসনে। যুৱকজন হোম কোৱাৰেণ্টাইনত নাথাকি বিভিন্ন গাঁও ঘূৰি ফুৰিছিল। যাৰ কাৰণে নিকটৱৰ্তী আটাইকেইখন গাঁও ছীল কৰিলে জিলা প্ৰশাসনে। উক্ত এলেকাত অকৰ্তৃত্বশীলভাৱে কোনো ব্যক্তি বা বাহন প্ৰবেশ কৰিব নোৱাৰিব আৰু লগতে এলেকাটোত সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি আন আন নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব আৰু যদিহে কোনোবাই এই নিৰ্দেশ অমান্য কৰে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|