নিৰ্বাচনেই হওক বা আন ক্ষেত্ৰতে হওক বিজেপি সদায়েই আগ্ৰাসী ৷ আগ্ৰাসী বিজেপিয়ে সলনি কৰিবলৈ ওলাইছে ৰাজ্যিক কাৰ্যালয়ৰ ঠিকনা ৷ হেঙেৰাবাৰীক টা–টা দি বেলতলালৈ যাবলে সাজু অসম প্ৰদেশ বিজেপি ৷ ছয় মহলাৰ নতুন ঠিকনাৰ এই কাৰ্যালয়ৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে পঞ্চম মহলালৈকে নিৰ্মাণকাৰ্য ৷
অসম প্ৰদেশ বিজেপিৰ টাৰ্গেট আছিল ২০২১ ৷ ২০২১ৰ বিধানসভা নিৰ্বাচন বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা কাৰ্যালয়টোৰ পৰাই চলোৱাৰ লক্ষ্য আছিল ৰাজ্যিক নেতৃত্বৰ, যাৰ বাবে ২০১৯ত নতুন ভৱনটো নিৰ্মাণৰ পূৰ্বে তদানীন্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহে অংশ লৈছিল ভূমি পূজন অনুষ্ঠানত ৷ পিছে বহুকেইটা কাৰকে ২০২১ত নতুন কাৰ্যালয়ৰ পৰা নিৰ্বাচন খেলাৰ যি লক্ষ্য আছিল ৰাজ্যিক নেতৃত্বৰ, তাত ঢালিলে চেঁচাপানী।
'প্ৰথমে আহিল 'কা' আন্দোলন ৷ 'কা' আন্দোলনৰ প্ৰভাৱত শ্ৰমিকে কাম এৰি ঘৰলৈ গুচি গ'ল ৷ তাৰ পিছত আহিল কোভিড ৷ কোভিডৰ ফলত হোৱা লকডাউনে পুনৰ কামত বাধা দিলে ৷ উপায়হীন হৈ আমি নিৰ্মাণৰ কাম বন্ধ কৰাই দিলোঁ ৷ আমি এইবাৰৰ নিৰ্বাচন তাৰ পৰা খেলাৰ কথা ভাবিছিলোঁ যদিও অৱশেষত গণেশগুৰিত ঘৰ ভাড়া লৈ নিৰ্বাচনটো পাৰ কৰি দিলোঁ।' —ক'লে ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই ৷
সকলো বাধাক নেওচা দি বৰ্তমান যুদ্ধকালীন গতিত চলিছে বেলতলাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ নিৰ্মাণৰ কাম–কাজ ৷ ১৬৩জন শ্ৰমিকে দিনে-ৰাতি কৰিছে কাম ৷ বিজেপিৰ দিল্লীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ পিছতে বেলতলাত নিৰ্মীয়মাণ অৱস্থাত থকা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়টো হ'ব ৰাষ্ট্ৰৰ ভিতৰতে দ্বিতীয়টো সৰ্ববৃহৎ অত্যাধুনিক কাৰ্যালয় ৷
ইয়াত থাকিব ২৫০-৩০০ চাৰিচকীয়া বাহন ৰখাৰ সুবিধা ৷ ৰাষ্ট্ৰীয় নেতা, মুখ্যমন্ত্ৰী আদিৰ বাবে থাকিব আছুতীয়া কক্ষ ৷ জিলা, মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তা বিশেষ অসুবিধাৰ সন্মুখীন হ'লে গ্ৰহণ কৰিব পাৰিব নৈশ আশ্ৰয় ৷ বিজেপিৰ আঠটাকৈ মৰ্চা, বিভিন্ন কোষ যেনে IT CELL, MEDIA CELLসকলোৰে বাবে থাকিব আছুতীয়া কাৰ্যালয় কক্ষ ৷ ২০২১ত মুকলি কৰিব নোৱাৰিলেও বিজেপিৰ টাৰ্গেট এতিয়া ২০২২ৰ এপ্ৰিল৷ ৬ এপ্ৰিলত বিজেপিৰ প্ৰতিষ্ঠা দিৱসতে কাৰ্যালয়টো মুকলি কৰিব বিজেপিয়ে ৷ এই বিষয়ে NEWS18ক জনালে বিজেপিৰ অন্যতম মুখপাত্ৰ ঋতুবৰণ শৰ্মাই ৷
বিজেপিয়ে অকল যে এই ৰাজ্যিক কাৰ্যালয়টোক ভালকৈ নিৰ্মাণত গুৰুত্ব দিছে তেনে নহয়, ৩৪খন জিলাতে বিজেপিয়ে নিৰ্মাণ কৰিছে জিলা বিজেপিৰ কাৰ্যালয় ৷ ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে ১৪খন জিলাত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|