চৰকাৰৰ এশ দিন পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা যোৰহাট ভ্ৰমণে জিলাখনলৈ বহু সুখবৰ কঢ়িয়াই আনিলে। ইয়াৰ বাবে জিলাখনৰ বিভিন্ন লোকে সন্তুষ্টি ব্যক্ত কৰিছে । ড০ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন সুকীয়া তথা আগশাৰীৰ চিকিৎসালয় ৰূপে গঢ় দিয়াৰ পৰিকল্পনা আছিল। মুখ্যমন্ত্ৰীগৰাকীৰ যোৰহাট ভ্ৰমণৰ সময়ত JMCHত এখন চুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু পেইং কেবিন অচিৰেই নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে JMCH কৰ্তৃপক্ষক।
মুখ্যমন্ত্ৰীগৰাকীৰ যোৰহাট ভ্ৰমণৰ সময়ছোৱাত JMCH ভ্ৰমণ কৰি চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰি কয় যে, ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহৰ কাম-কাজ অধিক সু-সংগঠিত কৰাৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে ছেপ্টেম্বৰ মাহত হ'বলগীয়া বৈঠকত চূড়ান্ত পৰিকল্পনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত JMCHয়ে লাভ কৰে আন কেইবাটাও সুখবৰ। জেএমচিএইছ চৌহদত নিৰ্মাণকাৰ্য চলি থকা কেঞ্চাৰ হস্পিটেলখন অহা নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|