உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Assembly: ফুলেৰে জাতিষ্কাৰ বিধানসভাৰ চৌহদ, কোভিডৰ সময়ত টকাৰ অপচয় বুলিলে কংগ্ৰেছে

    Assam Assembly: ফুলেৰে জাতিষ্কাৰ বিধানসভাৰ চৌহদ, কোভিডৰ সময়ত টকাৰ অপচয় বুলিলে কংগ্ৰেছে

    ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনেই পুৰণি ভৱনত হ'ব শেষৰখন বিধানসভাৰ অধিৱেশন৷

    ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনেই পুৰণি ভৱনত হ'ব শেষৰখন বিধানসভাৰ অধিৱেশন৷

    ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনেই পুৰণি ভৱনত হ'ব শেষৰখন বিধানসভাৰ অধিৱেশন৷

    • Share this:

    অহা ১২ জুলাইৰ পৰা আৰম্ভ হ'ব পোন্ধৰসংখ্যক অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন ৷ ইতিমধ্যে বাজেট প্ৰস্তুতিৰ কাম সম্পন্ন কৰি তুলিছে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ ইয়াৰ লগতে এতিয়া অসম বিধানসভাৰ চৌহদকো ফুলেৰে সজাই–পৰাই তোলাৰ কাম আৰম্ভ কৰা হৈছে ৷ নতুন অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা নতুন নতুন কামত হাত দিছে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷


    ১২ জুলাইৰ পৰা হ'বলগীয়া বাজেট অধিৱেশনৰ পূৰ্বে বিধানসভাৰ চৌহদক সজাই পৰাই তোলাৰ বাবে অধ্যক্ষৰ তত্ত্বাৱধানত স্থাপন কৰা হৈছে বিধানসভাৰ চৌহদত কৃত্ৰিম ফুলনি ৷ বহুবিধৰ সুন্দৰ ফুলৰ টাবেৰে সজাই তোলা হৈছে৷ বিধানসভাৰ চৌহদৰ ৰেলিঙত আঁৰি দিয়া হৈছে ভিন্নৰঙী হেগিং ফুলৰ টাব৷ লগতে চৌহদৰ ৱালত সজাই দিয়া হৈছে অলেখ ৰঙৰ ফুলৰ ভাৰ্টিকেল টাব৷ সমান্তৰালভাৱে বিধানসভাৰ সচিবালয়ৰ চৌদিশে শাৰী শাৰীকৈ স্থাপন কৰা  ফুলৰ টাব ৷ এইবোৰ অনা হৈছে বাইহাটা চাৰিআলিৰ নাৰ্ছাৰীৰ পৰা ৷


    বাজেট অধিৱেশনৰ পূৰ্বে ফুলৰ টাবেৰে সৌন্দৰ্যবৰ্ধন কৰা বিষয়ক লৈ হৈছে বিতৰ্কও। কোভিড অতিমাৰীয়ে সৃষ্টি কৰা আৰ্থিক অনাটনৰ সময়ত ফুলৰ নামত ধন অপব্যয় কৰা বুলি মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷


    উল্লেখ্য, ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনেই পুৰণি ভৱনত হ'ব শেষৰখন বিধানসভাৰ অধিৱেশন৷ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ'ব নিৰ্মীয়মাণ অৱস্থাত থকা বিধানসভাৰ নতুন ভৱনত ৷

    Published by:Gautam Barman
    First published: