বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বাশবাৰীত আই নৈৰ বাঢ়নী পানীত উটি আহিল মৃতদেহ। আই নৈৰ ভয়াৱহ খহনীয়াৰ কবলত পৰিছে বাশবাৰী ৰাজহুৱা কৱৰস্থান, যাৰ ফলত এতিয়া উটি আহিব ধৰিছে মৃতদেহ (The buried body floated in Flood) ৷
আজি খহনীয়াৰ ফলত বাশবাৰীৰ ৰাজহুৱা কৱৰস্থান নৈৰ বুকুত বিলীন হয়। কবৰস্থানত যোৱা কিছুদিন আগতে সৎকাৰ কৰা মৃতদেহটো ভাহি আহে। মৃতদেহটোৰ দুৰ্গন্ধই চাৰিওফালে বিয়পি পৰাত স্থানীয় এজন ব্যক্তিৰ প্ৰচেষ্টাত পুনৰ সৎকাৰৰ ব্যৱস্থা কৰে।
বিগত ১০-১৫ দিনে আই নৈৰ ভয়াবহ খহনীয়াই তিনি শতাধিক পৰিয়ালৰ লগতে নৈৰ বুকুত বিলীন হৈ মছজিদ, মন্দিৰ ঈদগাহসহ বহু অনুষ্ঠান। আইনদীয়ে সংহাৰী ৰূপ লৈ অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৫৮০ নং কাছাৰীপেটী প্ৰাথমিক বিদ্যালয়ো উটাই লৈ যায়।
নৈখনৰ খহনীয়া অব্যাহত থাকিলে কাছাৰীপেটী ১ ম, ২য় আৰু ৩য় খণ্ড অচিৰেই আই নৈৰ বুকুত নিশ্চিহ্ন যে হ'ব এয়া নিশ্চিত বুলি শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ভূটানে পানী এৰি দিয়াৰ ফলত আই নৈৰ জলস্তৰ বৃদ্ধি পোৱাত কাছাৰীপেটী, চিলাপাৰা ১ম আৰু ২য় খণ্ডৰ প্ৰায় দুই শতাধিক লোক বানৰ কবলত পৰিছে। এতিয়ালৈকে বন্যাৰ্তৰ কাষত জনপ্ৰতিনিধি উপস্থিত নোহোৱাত ক্ষোভিত কৰি তুলিছে নৈপৰীয়া ৰাইজক।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|