বঙাইগাঁও পৌৰসভা এইবাৰ অগপই দখল কৰিবলৈ সক্ষম নহ’ল ৷ আঞ্চলিকতাবাদী শিবিৰৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁৱত খহনীয়াৰ সৃষ্টি কৰি বিজেপিয়ে পৌৰসভাখন দখল কৰিবলৈ সক্ষম হ’ল ৷ ২৫ খন আসনযুক্ত পৌৰসভাখনত (Bongaigaon Municipal Board)এইবাৰ ১৩ খনকৈ আসন দখল কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’ল ৷ একেদৰে অগপই ১১ খনত সীমাৱদ্ধ হৈ থকাৰ বিপৰীতে কংগ্ৰেছে এখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে ৷
এইবেলি AGPয়ে আটাইকেইটা ৱাৰ্ডতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপিয়ে ২৪ টা আৰু কংগ্ৰেছে ১৯ টা ৱাৰ্ডত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ৷ বিধায়ক ফণীভূষণ চৌধুৰী নেতৃত্বাধীন অগপৰ দখলত থকা পৌৰসভাখন মিত্ৰদল BJPয়ে অৱশেষত নিজৰ দখলত আনিবলৈ সক্ষম হ’ল ৷ উল্লেখ্য যে বিগত পৌৰ নিৰ্বাচনত অগপই ২০ খনকৈ আসন লাভ কৰি পৌৰসভাখন দখল কৰিছিল ৷ একেটা নিৰ্বাচনত বিজেপিয়ে ৩ খন আৰু কংগ্ৰেছ ২ খন আসনত সীমাৱদ্ধ আছিল ৷ এইবাৰ আঞ্চলিকতাবাদী মিত্ৰদল AGPৰ দুৰ্গ বঙাইগাঁৱত বিজেপিৰ উত্থান ঘটে আৰু একক সংখ্যাগৰিষ্ঠ দল হিচাপে প্ৰতিষ্ঠা হয়। ইফালে বিজেপিয়ে পৌৰসভা দখলৰ পিছত কংগ্ৰেছ আৰু অগপৰ একাংশ ৱাৰ্ড কমিছনাৰে গেৰুৱা দলটোত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ৷
ইফালে অভয়াপুৰী পৌৰসভাও পুনৰ বিজেপিয়ে দখল কৰে ৷ অভয়াপুৰী পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ভিতৰত বিজেপি দলে ৮খন , অগপই ২ খন আৰু কংগ্ৰেছ দলে ১ খনত জয়লাভ কৰিছে ।