১ নৱেম্বৰত গোলকগঞ্জত আৰম্ভ হোৱা অসম কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই গুৱাহাটী পাৰ হৈ এতিয়া উপস্থিত হৈছে মৰিগাঁওত। ২২ নৱেম্বৰৰ পুৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা মৰিগাঁওৰ পৰা আৰম্ভ হ’ব।
মৰিগাঁওত দুদিন খোজ কাঢ়িব কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। তাৰ পিছত নগাঁওত পাঁচদিন আৰু গোলাঘাট জিলাত তিনি দিন কৰিব ভাৰত জোড়ো যাত্ৰা।
ভাৰত জোড়ো যাত্ৰাৰ সমন্বয়ক ৰমেন বৰঠাকুৰে এই বিষয়ে জানিবলৈ দিয়ে। উল্লেখ্য, ১৮ নৱেম্বৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱাৰ লগতে বিৰোধী আন কেইবাটাও দলৰ বহু সংখ্যক নেতাই।
কংগ্ৰেছৰ এই পদযাত্ৰই মৰিগাঁও , নগাঁও আৰু গোলাঘাটত ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাই সেয়া লক্ষণীয় হ’ব।
- First Published :