• Home
  • »
  • News
  • »
  • assam
  • »
  • এতিয়াৰে পৰা চৰকাৰী খৰচত নহ’ব ধৰ্মীয় শিক্ষা, চিৰদিনৰ বাবে বন্ধ হ’ব চৰকাৰী মাদ্ৰাছা, বিধানসভাগ গৃহীত বিধেয়ক

এতিয়াৰে পৰা চৰকাৰী খৰচত নহ’ব ধৰ্মীয় শিক্ষা, চিৰদিনৰ বাবে বন্ধ হ’ব চৰকাৰী মাদ্ৰাছা, বিধানসভাগ গৃহীত বিধেয়ক

বন্ধ হোৱা মাদ্ৰাছাসমূহ আন সাধাৰণ শিক্ষানুষ্ঠানৰ সৈতে চামিল হৈ যাব। বন্ধ হ’ব মাদ্ৰাছা ব’ৰ্ড। মাদ্ৰাছাত কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব।

  • Share this:
বিধানসভাত গৃহীত হ’ল বহুচৰ্চিত ‘দ্য আছাম ৰিপিলিং বিল ২০২০’ বিধেয়ক। অসমত সকলো চৰকাৰী মাদ্ৰাছা চিৰদিনৰ বাবে বন্ধ হ’ব। এতিয়াৰে পৰা অসমত চৰকাৰী খৰচত নহ’ব ধৰ্মীয় শিক্ষা। 

বিধানসভাত নৰজিল বিৰোধীৰ দাবী। ছিলেক্ট কমিটীলৈ প্ৰেৰণ ক’ৰা নহ’ল বিধেয়কখন। বিৰোধীয়ে ছিলেক্ট কমিটীলৈ প্ৰৰণ কৰাৰ দাবী তুলিছিল।

বন্ধ হোৱা মাদ্ৰাছাসমূহ আন সাধাৰণ শিক্ষানুষ্ঠানৰ সৈতে চামিল হৈ যাব। বন্ধ হ’ব মাদ্ৰাছা ব’ৰ্ড। মাদ্ৰাছাত কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব।

এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসমৰ ৭শ স্কুলত মাদ্ৰাছা মুক্ত শিক্ষা হ’ব। AIUDF–এ আদালতৰ মজিয়ালৈ গ’লেও আমি জয়ী হ’ম। এয়া আমাৰ কাৰো পক্ষে যুঁজ নহয়। পৰিসংখ্যা অনুসৰি ৮৩% শিক্ষাৰ্থীয়ে ধৰ্মীয় শিক্ষাৰ বিপৰীতে মত পোষণ কৰিছে।
২০২২ৰ পৰা মাদ্ৰাছা ব’ৰ্ডৰ পৰীক্ষা নাথাকিব। বিদ্যালয়সমূহত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি হ’ব। বৰ্তমানে কৰ্মৰত শিক্ষকসকলে বিজ্ঞান, অংক শিকাব লাগিব। যদি শিকাব নোৱাৰে তেন্তে শিক্ষকসকলক পৃথক চৰকাৰী কাৰ্যালয়ত নিয়োগ কৰা হ’ব।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি