உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম বিধানসভাত গৃহীত হ'ল গো-সুৰক্ষা বিল ২০২১, ভাৰত মাতা কি জয় আৰু জয় শ্ৰীৰাম ধ্বনি দিলে বিজেপি বিধায়কে

    অসম বিধানসভাত গৃহীত হ'ল গো-সুৰক্ষা বিল ২০২১, ভাৰত মাতা কি জয় আৰু জয় শ্ৰীৰাম ধ্বনি দিলে বিজেপি বিধায়কে

    বিৰোধীৰ সদন ত্যাগ

    বিৰোধীৰ সদন ত্যাগ

    বিৰোধীৰ সদন ত্যাগ

    • Share this:
    অৱশেষত বহু বিতৰ্কৰ অন্তত অসম বিধানসভাত গৃহীত হ'ল সুৰক্ষা বিধেয়ক ২০২১। বিধেয়ক গৃহীত হোৱাৰ লগে লগে  সদনত ভাৰত মাতা কি জয় আকৰু জয় শ্ৰীৰাম ধ্বনি দিয়ে বিজেপি বিধায়কসকলে। কিন্তু বিলখন গৃহীত হোৱাৰ লগে লগে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰি সদন ত্যাগ কৰে।

    ইফালে বিলখন সদনত গৃহীত কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দীঘলীয়া ভাষণ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কৈছিল যে, ' আপোনালোকে য'ত আছে তাত খাওক ৷ কিন্তু হিন্দু, জৈন, বৌধিষ্টে থকা ঠাইত নাখাব ৷ ভাল মুছলমানে কেতিয়াও তেনে কাম নকৰে। মন্দিৰ নামঘৰ থকা ঠাইৰ পৰা পাঁচ কিলোমিটাৰ দূৰত খাওক ৷ নামানিলে সংঘাত হ'ব ৷ খোৱাতটো আমি বাধা দিয়া নাই ৷ মই কম যে খাবই নালাগে ৷ কিন্ত মোৰ কথা মানিব জানো ৷ মই এই সদনৰ মুছলমান সদস্যসকলক কম যে, আপোনালোকে কওক পাঁচ কিলোমিটাৰ নহয় ছয় কিলোমিটাৰ দূৰত খাম বুলি কওক। বৰপেটা সত্ৰৰ ৫ কিলোমিটাৰৰ ভিতৰত গো মাংস নাখাবলৈ ক'লে, কোনো প্ৰকৃত মুছলমানে বিৰোধ নকৰে।'

    ইফালে বিল সদনত গৃহীত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াই সংবাদ মাধ্য়মৰ আগত কয় যে, 'আইনখন আমি চিলেক্ট কমিটীলৈ পঠিয়াবলৈ দাবী কৰিছিলো। ভাৰতে আটাইতকৈ বেচি গো ৰপ্তানি কৰে। উৎপাদন নথকা কোনো গৰু পালন কৰিব লাগিব। অৰ্থনীতি কমিটীৰ জৰিয়তে চিলেক্ট কমিটীত আলোচনা কৰা দাবী কৰিছিলো, কিন্তু কোনো পৰ্য্যবেক্ষণ কৰা নহ'ল।'
    Published by:Himangshu Bhuyan
    First published: