অখিল গগৈ বিজেপিৰ এজেণ্ট ৷ অখিল গগৈ চূড়ান্ত সাম্প্ৰদায়িক ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছক AIUDFৰে উপ-নিৰ্বাচনত মিত্ৰতা ভংগৰ প্ৰস্তাৱ দিয়াক লৈ গগৈৰ বিৰুদ্ধে সৰৱ হ'ল এ আই ইউ ডি এফ ৷
ইয়াৰ বিপৰীতে অখিল গগৈৰ প্ৰস্তাৱ দলৰ মজিয়াত আলোচনা হ'ব বুলি সদৰী কংগ্ৰেছৰ ৷ বিৰোধী দলপতিয়ে লগতে ক'লে, বিধানসভা নিৰ্বাচনতো AIUDFৰে মিত্ৰতাক লৈ কংগ্ৰেছত আছিল দ্বিমত ৷ অখিল গগৈৰ বিৰুদ্ধে সদনৰ বাহিৰত সৰৱ হ'ল ধিঙৰ AIUDF বিধায়ক আমিনুল ইছলাম ৷ মঙলবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আহি থকা উপ-নিৰ্বাচনত AIUDFৰে মিত্ৰতা পৰিহাৰ কৰিবলৈ কংগ্ৰেছলৈ আগবঢ়াইছিল প্ৰস্তাৱ ৷
কংগ্ৰেছলৈ আগবঢ়োৱা এই প্ৰস্তাৱক ষড়যন্ত্ৰ আখ্যা দি AIUDFৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে ক'লে– "যোৱা নিৰ্বাচনত AIUDFৰে মিত্ৰতা নকৰিলে ১৮টা সমষ্টিত কংগ্ৰেছ পৰাস্ত হ'লহেঁতেন ৷ ২৯খন আসন পোৱাৰ আঁৰত AIUDFহে ৷ অখিল গগৈ আৰু জাতীয় পৰিষদে ভোট বিভাজন কৰি পৰোক্ষভাৱে বিজেপিক সহায় কৰিছিল বিধানসভা নিৰ্বাচনত ৷ সেই বদনামৰ পৰা হাত সাৰিবলৈ অখিল গগৈয়ে AIUDFক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ AIUDFএ সাম্প্ৰদায়িক কাম কি কৰিছে, অখিল গগৈয়ে প্ৰমাণ কৰক ৷
যদি বৈধ নাগৰিকৰ হৈ প্ৰতিবাদ কৰাটো সাম্প্ৰদায়িক, তেন্তে অখিল বেছি সাম্প্ৰদায়িক ৷ অখিল নিজেই সাম্প্ৰদায়িক, মহাজোঁটত আউল লগাব বিচাৰিছে অখিল গগৈয়ে ৷ যোৱা নিৰ্বাচনৰ দৰে এইবাৰো বিজেপিৰ এজেন্ট হৈ কাম কৰি আছে অখিল গগৈয়ে ৷"
ইফালে অখিল গগৈৰ প্ৰস্তাৱক লৈ দলৰ মজিয়াত আলোচনা হ'ব বুলি তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ অখিল গগৈৰ প্ৰস্তাৱক লৈ দেৱব্ৰত শইকীয়াই ক'লে,"বিষয়টো হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব ৷ হাইকমাণ্ডে যি কৰিবলৈ কৈছিল তাকে কৰিছিলোঁ যদিও আমাৰ মাজত দ্বিমত আছিল ৷"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|