• Home
  • »
  • News
  • »
  • assam
  • »
  • ফণী তালুকদাৰক লৈ এতিয়াও আশা এৰা নাই AIUDFএ, কাৰো ট্ৰেপত নপৰিবলৈ জনালে আহ্বান

ফণী তালুকদাৰক লৈ এতিয়াও আশা এৰা নাই AIUDFএ, কাৰো ট্ৰেপত নপৰিবলৈ জনালে আহ্বান

জ্বৰ-কাহত আক্ৰান্ত ফণী তালুকদাৰৰ বিধায়ক আৱাসত আশ্ৰয়।

জ্বৰ-কাহত আক্ৰান্ত ফণী তালুকদাৰৰ বিধায়ক আৱাসত আশ্ৰয়।

জ্বৰ-কাহত আক্ৰান্ত ফণী তালুকদাৰৰ বিধায়ক আৱাসত আশ্ৰয়।

  • Share this:

বদৰুদ্দিন আজমলৰ AIUDFক ত্যাগ কৰি BJPলৈ যাবলৈ সাজু হোৱা ফণী তালুকদাৰক লৈ এতিয়াও আশা এৰি দিয়া নাই AIUDFয়ে ৷ AIUDFৰ আশা- বিধায়ক ফণীয়ে AIUDFক এৰি নাযায় ৷ কিন্তু সম্প্ৰতি বিধায়ক ফণী জ্বৰ-কাহত আক্ৰান্ত হৈ দিছপুৰৰ বিধায়ক আৱাসত আশ্ৰয় লৈ আছে ৷


পহিলা ছেপ্টেম্বৰত BJPত ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰে যোগ দিব বুলি ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই ইতিমধ্যে ঘোষণা কৰিছে ৷ অৱশ্যে বদৰুদ্দিন আজমলৰ AIUDFক এৰি শাসকীয় BJPলৈ যোৱাৰ বাবে সাজু হোৱা ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰে কিন্তু এই পৰ্যন্ত মুখ খোলা নাই ৷


BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰে গোপনে সাক্ষাৎ কৰিছে একাধিকবাৰ ৷  AIUDF এৰি BJPত যোগ দিয়াৰ প্ৰস্তুতি সম্পন্ন কৰিছে ফণীয়ে ৷


কিন্তু ফণী তালুকদাৰে দল ত্যাগ কৰিবলৈ সাজু হোৱাৰ সময়তো তেওঁক লৈ আশা এৰি দিয়া নাই AIUDFয়ে ৷ বিধায়ক ফণী তালুকদাৰৰ প্ৰসংগত AIUDFৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে ক'লে- “আশা কৰিছোঁ তালুকদাৰে দল এৰি নাযাব ৷ তালুকদাৰে কাৰো ট্ৰেপত নপৰিব বুলি আশা কৰিছোঁ ৷ যিটো ছিম্বলত তেওঁ জয়ী হৈ আহিছিল, সেই ছিম্বলতে তেওঁ থাকিব বুলি আমি আশাবাদী ৷”


দলে আশা নেৰিলেও কিন্তু BJPত যোগ দিয়াৰ সকলো প্ৰস্তুতি সম্পন্ন কৰিছে ফণী তালুকদাৰে ৷ ইপিনে শেহতীয়াকৈ জ্বৰ-কাহত আক্ৰান্ত হৈছে ফণী তালুকদাৰ ৷ চিকিৎসকে দিয়া প্ৰেছক্ৰিপছনৰ মতে ঔষধ সেৱন কৰি আছে বুলি বিধায়কজনৰ আৱাসৰ সূত্ৰই সদৰী কৰিছে ৷ সম্প্ৰতি তেওঁ দিছপুৰৰ বিধায়ক আৱাসতে আশ্ৰয় লৈ আছে ৷

Published by:Gautam Barman
First published: