বটদ্ৰৱা থানাৰ পৰা পলায়ন কৰা অভিযুক্তটোৰ নাম ফিৰদৌজ জামান, ঘৰ বাটমাৰীত৷ থানাত আক্ৰমণৰ সময়তে সুযোগ বুজি পলায়ন কৰিছিল অভিযুক্তটোৱে। পত্নী থাকোতেই আন এগৰাকী নাবালিকাক পলুৱাই আনিছিল ফিৰদৌজে৷ পত্নীয়ে দিয়া এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱকজনক৷ কিন্তু থানা জ্বলাই দিয়াৰ সুবিধা লৈ হেণ্ডকাফ খুলি পলায়ন কৰিছিল অভিযুক্তজনে।
অভিযুক্তজনে কিদৰে বেগ লৈ লকআপৰ পৰা পলায়ন কৰিছিল সেই সমগ্ৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে লকআপৰ পৰা ওলাই পলায়ন কৰিছিল যুৱকজনে।
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :